কেঁচা পিয়াঁজ খোৱাৰ উপকাৰিতা বিষয়ে জানেনে আপুনি ?

1 min read

পিঁয়াজ আমি সকলোৱে ৰন্ধনত ব্যৱহাৰ কৰো । পিঁয়াজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ব্যৱহাৰ কৰা হয়। খাদ্য সামগ্ৰী হিচাপে পিঁয়াজ সুস্বাদু ব্যঞ্জন, আচাৰ তৈয়াৰ কৰিবলৈ, চছ বা চাটনিত সক্ৰিয় উপাদান হিচাপে কাম কৰিবলৈ ব্যৱহাৰ কৰা হয়(Benefits of Raw Onion)।

পিয়াঁজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ বহুতেই আকৌ পিয়াঁজ কেঁচাকৈ খাইহে বেছি ভাল পায় ৷ আপুনি বাৰু কেঁচা পিয়াঁজ খায়নে ? যদি নাখায় তেন্তে আজিয়েই খাবলৈ আৰম্ভ কৰক । কাৰণ কেঁচা পিঁয়াজৰ বহু উপকাৰী গুণ ।

অতীজৰে পৰা পিয়াঁজ বহু ৰোগৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ হৈ আহিছে ৷ পিয়াঁজ, বিশেষকৈ কেঁচা পিয়াঁজৰ প্ৰদাহ-প্ৰতিৰোধী, বেক্টেৰিয়া-ৰোধী, কৰ্কট ৰোধী, এণ্টিঅক্সিডেণ্ট আৰু এণ্টিথ্ৰোম্বোটিক গুণাগুণ থাকে ৷

কেঁচা পিয়াঁজৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক

কেঁচা পিয়াঁজ আমাৰ চকুৰ বাবে উপকাৰী । কিয়নো ই গ্লুটাথিয়ন উৎপাদন তৈয়াৰ কৰে ৷ ই এনে এক প্ৰকাৰৰ প্ৰ’টিন, যি মেকুলাৰ ডিজেনাৰেচন, ছানি আৰু গ্লুকোমা হোৱাৰ আশংকা হ্ৰাস কৰে ৷

কেঁচা পিয়াঁজে শালমইনা, মুখৰ ডাঠ দাগ আঁতৰ কৰি ছালখনক উজ্জ্বল কৰি তোলে ৷ তদুপৰি ই বাৰ্ধক্যৰ প্ৰাৰম্ভিক লক্ষণৰ সৈতে যুঁজ দিব পাৰে আৰু ছালৰ চিকিৎসা কৰিব পাৰে ৷

কেঁচা পিয়াঁজক খাদ্যৰ বিষক্ৰিয়া, পেটৰ বিষ, আৰু কোষ্ঠকাঠিন্যৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ কৰা হয় ৷

কেঁচা পিয়াঁজত থকা ছালফাৰে মূৰৰ ছালৰ সমস্যা আঁতৰ কৰাত সহায় কৰে ৷

কেঁচা পিয়াঁজৰ ৰসে উফিৰো চিকিৎসা কৰে ৷ ই উফিৰ বিকাশত সহায় কৰা বেক্টেৰিয়া ধ্বংস কৰে ৷

পিয়াঁজত কুয়াৰচেটিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় ।

কেঁচা পিয়াঁজত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে। সেয়েহে ইয়াক পোক-পতংগৰ কামোৰৰ ফলত হোৱা খজুৱতি আৰু ফুলা প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

You May Also Like

More From Author