দাঁতৰ ৰং হালধীয়া নেকি? পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়..

1 min read

এজন ব্যক্তিৰ হাঁহি তেওঁৰ ব্যক্তিত্বৰ প্ৰতীক আৰু হাঁহিলে বহুতো ৰোগৰ পৰা মুকলিকৈ সকাহ প্ৰদান কৰে। এই কথাটো সকলোৱে জানে তথাপিও তেওঁলোকে হাঁহিব নোৱাৰে, বহুলোকে কেৱল দাঁত (Tooth) হালধীয়া হোৱাৰ বাবে হাঁহিব নোৱাৰে। যদি আপুনিও এই সমস্যাত ভুগি আছে তেন্তে কিছুমান সহজ ঘৰুৱা প্ৰতিকাৰ আছে যি আপোনাক দাঁতৰ হালধীয়া আঁতৰ কৰাত সহায় কৰিব পাৰে। দাঁত ভালদৰে পৰিষ্কাৰ নকৰা, অত্যাধিক চাহ, কফি খোৱা, চিগাৰেট, গুটখা বা ধপাত আদি খোৱাৰ ফলত দাঁত হালধীয়া হৈ পৰে। অৱশ্যে, কেতিয়াবা জেনেটিক কাৰণত দাঁত হালধীয়া হয়। কিছুমান ঔষধ আছে যাৰ ফলত দাঁত হালধীয়া বা ক’লা হয়। যদিও দন্ত চিকিৎসকে দাঁত পৰিষ্কাৰ কৰে কিন্তু কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে যিয়ে দাঁত হালধীয়া (Yellow Tooth) হোৱা আঁতৰ কৰিব পাৰে।

আপুনি দাঁতৰ হালধীয়া হোৱা আঁতৰাবলৈ এই ঘৰুৱা প্ৰতিকাৰবোৰ ব্যৱহাৰ কৰিব পাৰে:

আপুনি দাঁতৰ হালধীয়া হোৱা আঁতৰাবলৈ বিলাহী, কমলাৰ বাকলি আৰু নিমখ ব্যৱহাৰ কৰক। বিলাহী আৰু কমলাত এণ্টি-প্ৰপাৰ্টিজ থাকে, যি টাৰ্টাৰ বঢ়োৱা বেক্টেৰিয়াৰ ওপৰত দ্ৰুত প্ৰভাৱ পেলায়। এই তিনিও বিধকে একেলগে গুৰি কৰক তাৰ পিছত এই মিশ্ৰণটো টুথব্ৰাছত লগাই লাহে লাহে দাঁতবোৰ পৰিষ্কাৰ কৰক। তাৰ পিছত আপোনাৰ নিয়মীয়া টুথপেষ্টেৰে পুনৰ ব্ৰাছ কৰক।
আপুনি নাৰিকল তেল আৰু বেকিং চডা ব্যৱহাৰ কৰিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। নাৰিকল তেল, বেকিং চডা আৰু নিমখক একেলগে মিহলি কৰক আৰু ইয়াক আঙুলিৰে দাঁতপৰিষ্কাৰ কৰক। মন কৰিব এই মিশ্ৰণটো মাহত মাত্ৰ ২ বাৰহে ব্যৱহাৰ কৰক। যদি আপোনাৰ দাঁতৰ সংবেদনশীলতাৰ (Sensitivity) দৰে সমস্যা আছে, তেন্তে বেকিং চডা থকা এই মিশ্ৰণটো একেবাৰে ব্যৱহাৰ নকৰিব।
আপুনি দাঁত হালধীয়া হোৱা আঁতৰাবলৈ কলৰ বাকলিও ব্যৱহাৰ কৰিব পাৰে। দাঁতত কলৰ বাকলিৰে মালিচ কৰিলে হালধীয়া হোৱা আঁতৰ হয়।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আপুনি যিকোনো বস্তু খোৱা বা পান কৰাৰ পিছত নিশ্চয় কুলি কৰক (Gurgle)। Gurgle কৰিলে দাঁতত লাগি থকা খাদ্য ওলাই যায়। যাৰ দ্বাৰা আপোনাৰ দাঁত পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হৈ থাকে।
নিমে এণ্টিচেপ্টিকৰ দৰে কাম কৰে যি দাঁতৰ ক্ষয় প্ৰতিহত কৰে। নিমৰ দৈনিক ব্যৱহাৰে মুখৰ দুৰ্গন্ধৰ পৰা সকাহ দিয়ে আৰু আনকি দাঁতত কেবিটীও নহয়। যদি আপুনি নিম দাতুন ব্যৱহাৰ কৰিব নোৱাৰে, তেন্তে আপোনাৰ টুথপেষ্টত নিম তেল মিলাই ব্ৰাছ কৰক। ইয়াৰ দ্বাৰাও আপুনি লাভান্বিত হ’ব।

You May Also Like

More From Author