গুৱাহাটীত অনুষ্ঠিত হোৱা নৰ্থইষ্ট ইন্টাৰনেচনেল ফেশ্বন উইকত উজ্জলিল মডেল টুলু নাথ…

1 min read

এজন ৰাণৱে মডেল হিচাবে নিজৰ পৰিচয় দাঙি ধৰা এই যুৱক জন হৈছে অৰুণাচল প্ৰদেশৰ তেজু, লোহিত জিলাৰ টুলু নাথ।

অৰুণাচল প্ৰদেশৰ টুলো নাথ হৈছে স্বৰ্গীয় KC NATH আৰু স্বৰ্গীয়া বিভা নাথৰ পুত্ৰ।

টুলোৱে ইয়াৰ পূৰ্বে বহুকেইটা ফেশ্বন অনুষ্ঠানত বিভিন্ন স্থান লাভ কৰি নিজৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। ইয়াৰ ভিতৰত Brand Ambassador of Mr & Miss future face of Northeast 2023, Brand Ambassador of The Imperium 2023 by RTG Tinsukia, An awardee of super model of Northeast 2023 by Sb Production ইত্যাদি।

উল্লেখ্য যে প্ৰশান্ত ঘোষে পৰিচালনা কৰা এই আগশাৰীৰ অনুষ্ঠান, নৰ্থ ইষ্ট ইন্টাৰনেচনেল ফেশ্বন উইকত মিশ্মি সাঁজ পাৰ পৰিধান কৰি ৰেম্পত ৱাক কৰি চৰ্চিত হৈছে যুব মডেল টুলু নাথ।

মন কৰিবলগীয়া যে, ডিজাইনাৰ দিপলো হাজৰিকাৰ দ্বাৰা ডিজাইন কৰা কাপুৰো পৰিধান কৰি ৱাক কৰিছিল মডেল টুলু নাথে।

উল্লেখযোগ্য যে, ভাৰত, ভূটান, নেপাল, বাংলাদেশৰ লগতে আন বহুকেইখন চুবুৰীয়া দেশৰ ডিজাইনাৰে ভাগ লৈছিল অনুষ্ঠানটোত।

You May Also Like

More From Author