লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্

1 min read

লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্ভ

গুৱাহাটী ৩ফেব্ৰুৱাৰী ২০২৪: উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৪৫সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা। ৰাজ্যৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনৰ আজি লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলনেৰে শুভ উদ্বোধন কৰে লখিমপুৰ সমষ্টিৰ বিধায়ক তথা লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি মানৱ ডেকাই।

মাৰ্চ পাৰ্চেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত অসম এথলেটিকছ সন্থাৰ পতাকা উত্তোলন কৰে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে। আনহাতে উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা লখিমপুৰ জিলাৰ ৫গৰাকী উদীয়মান এথলীটে অলিম্পিক শিখা প্ৰজ্বলন কৰি সকলোৰে অভিবাদন গ্ৰহন কৰে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যান বিভাগৰ সহ সঞ্চালক সত্যজিত গগৈ,অসম অলিম্পিক সন্থাৰ কোষাধক্ষ্য তপন দাস,উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড• বিমান চন্দ্ৰ চেতিয়াৰ লগতে অসমৰ মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনা,প্ৰিয়ম পল্লৱী আৰু জনপ্ৰিয় কন্ঠশিল্পী ৰূপালী কাশ্যপে অংশগ্ৰহন কৰে।

You May Also Like

More From Author