আজাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ, আটক ২….

0 min read

পলাশবাৰী,২২ ফেব্ৰুৱাৰী:আজাৰা আৰক্ষীৰ জালত দুই গাঞ্জা সৰবৰাহকাৰী । আজাৰা আৰক্ষীয়ে বিমানবন্দৰৰ সমীপৰ বঙৰা পাঁচনীয়াপাৰাত অভিযান চলাই যোৱাকালি বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে অৱনী নাথ আৰু মুকুট ৰাভাক ।

বঙৰাৰ অৱনী নাথৰ বাসগৃহত অসম মেঘালয় সীমান্তৰ মুদুকীৰ মুকুট ৰাভাই গাঞ্জা খিনি দিবলৈ আহোতে আজাৰা আৰক্ষীয়ে আটক কৰে দুই গাঞ্জা সৰবৰাহকাৰীক । আজাৰা আৰক্ষীয়ে ধৃত অৱনী নাথ আৰু মুকুট ৰাভাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । জানিব পৰা মতে , ধৃত অৱনী নাথ আৰু মুকুট ৰাভাই দীৰ্ঘদিন ধৰি এই ব্যৱসায়ৰ লগত জড়িত আছিল ।

You May Also Like

More From Author