অমিত শ্বাহৰ ঘোষণা, লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব ‘কা’

1 min read

‘কা’ক লৈ পুনৰ দেশজুৰি প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তে বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ অমিত শ্বাহে কয় যে  লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন৷

গৃহমন্ত্ৰী অমিত শ্বাহে ৰিপাব্লিক ভাৰতৰ দ্বাৰা আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে ‘কা’ হৈছে দেশৰ আইন। ইয়াক কাৰ্যকৰী কৰা হ’ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ কাৰ্যকৰী হ’ব। ‘কা’ কাৰ্যকৰীকৰণত কোনেও বাধা দিব নোৱাৰে। 

লগতে তেওঁ কয় যে ‘কা’ কোনো নতুন বস্তু নহয়। ভোট বেংকৰ লোভত বহুতো কথা পাহৰি গৈছে কংগ্ৰেছ দলে। ‘কা’ সংবিধান সভাৰ প্ৰতিশ্ৰুতি আছিল। যেতিয়া দেশক বিভাজন কৰা হৈছিল, পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ লাখ লাখ লোক ভাৰতলৈ আহিছিল৷ সেই সময়ত কংগ্ৰেছ নেতৃত্বই পাকিস্তান-বালাংদেশৰ পৰা পলাই অহা লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ভোট বেংকৰ লোভত কংগ্ৰেছৰ নেতাই সকলো কথা পাহৰি গৈছে। যদি ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ প্ৰতিশ্ৰুতি মনত নাৰাখে আৰু তেওঁলোকক নাগৰিকত্ব নিদিয়ে, তেন্তে ই বিশ্বাসঘাতকতা হ’ব। আমাৰ চৰকাৰে তেওঁলোকক নাগৰিকত্ব আৰু অধিকাৰ দিব।

You May Also Like

More From Author