আমেথিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুলে

1 min read

২০০৪ চনৰ পৰা ২০১৪ চনলৈ একেৰাহে তিনিবাৰ বিজয়ী হোৱা ৰাহুল গান্ধীয়ে এইবাৰ পুনৰ উত্তৰ প্ৰদেশৰ সেই আমেঠি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ কংগ্ৰেছ দল আৰু উত্তৰ প্ৰদেশত আসন বুজাবুজি কৰা সমাজবাদী পাৰ্টীক উজ্জীৱিত কৰাৰ লক্ষ্যৰেই কংগ্ৰেছে এই সিদ্ধান্ত লৈছে৷ সমাজবাদী পাৰ্টীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক ক্ৰমে আমেঠি আৰু ৰায়বেৰিলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনাইছিল৷

২০১৯ চনৰ নিৰ্বাচনত ৰাহুল গান্ধী আমেঠিত স্মৃতি ইৰাণীৰ বিৰুদ্ধে পৰাজিত হৈছিল৷ স্মৃতি ইৰাণীয়ে ৪,৬৮,৫১৪ ভোট লাভ কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৪,১৩,৩৯৪টা ভোট লাভ কৰিছিল৷ ২০১৪ত ৰাহুল গান্ধীয়ে আমেঠিত ৪,০৮,৬৫১টা ভোট লাভ কৰি বিজয়ী হৈছিল আৰু পৰাজিত স্মৃতি ইৰাণীয়ে ৩,০০,৭৪৮টা ভোট লাভ কৰিছিল৷ এইবাৰো স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক আমেঠিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰত্যাহ্বান জনাই আছে৷ পিছে এইবাৰ স্মৃতি ইৰাণীৰ বিজয় বিগতবাৰৰ দৰে সহজ নহ’ব বুলিয়েই ধাৰণা৷ ৰাহুল গান্ধীয়ে ২০১৯ত কেৰালাৰ ৱেইনাড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল৷ এইবাৰ পুনৰ তেওঁ সেই সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব৷ অৱশ্যে এতিয়ালৈ কংগ্ৰেছে আনুষ্ঠানিকভাৱে লোকসভাৰ কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই৷

২০১৯ত উত্তৰ প্ৰদেশত কংগ্ৰেছে মাথোঁ এখন আসন লাভ কৰিছিল, ছোনিয়া গান্ধীৰ জৰিয়তে ৰায়বেৰিলীত বিজয় সাব্যস্ত কৰি৷ ছোনিয়া গান্ধীয়ে স্বাস্থ্যজনিত কাৰণত পুনৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি তেতিয়াই ঘোষণা কৰিছিল৷ অলপতে তেওঁ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে৷ ছোনিয়া গান্ধীৰ ৰাজ্যসভাৰ সাংসদ পদ গ্ৰহণক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভয়তে তেওঁ পলায়ন কৰা বুলি মন্তব্য কৰিছে৷ পিছে ছোনিয়া গান্ধীৰ ৰায়বেৰিলী আসনত এইবাৰ প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ২০০৪ চনৰ পৰা (২০০৬ৰ উপ-নিৰ্বাচনসহ) একেৰাহে ৫বাৰ ৰায়বেৰিলীৰ পৰা বিজয়ী হৈছিল ছোনিয়া গান্ধী৷ সেয়ে এই সমষ্টি কংগ্ৰেছৰ দুৰ্গ হিচাপেই বিবেচিত৷ মোদীৰ কটাক্ষ আৰু সমাজবাদী পাৰ্টীৰ আহ্বানৰ ফলশ্ৰুতিত এই নিৰাপদ আসনেৰে এইবাৰ নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰিয়ংকা গান্ধীয়ে৷

You May Also Like

More From Author