“কা” বাতিলৰ দাবীত আজিৰ পৰা ৪৮ ঘন্টীয়া ঘৰ্মঘট আৰম্ভ’কা বিৰোধী জাতীয় মঞ্চ’ৰ :: বিজেপি চৰকাৰলৈ সকীয়নী – কা বাতিল কৰক, নহলে পৰিনাম ভয়াবহ হব

1 min read

গুৱাহাটী, ১৪ মাৰ্চ, ২০২৪ :– কেন্দ্রীয় বিজেপি চৰকাৰে অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন খন বলৱৎকৰনৰ কথা ঘোষনা কৰিলেও অসমৰ ৰাইজ আৰু কোনো জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰকৃততে আইনখন মানি লোৱা নাই। গতিকে, যোৱা দীৰ্ঘদিন ধৰি ৰাজ্যজুৰি ব্যাপক আন্দোলন হৈ আছে আৰু অনাগত দিনত আৰু আন্দোলন, প্ৰতিবাদ আদি চলি থাকিব। গতিকে, আজিৰ পৰা মহানগৰীৰ চচলস্থিত নিৰ্দ্ধাৰিত ধৰ্ণাস্থলিত ৪৮ ঘন্টীয়া ধৰ্মঘট কাৰ্য্যসূচী পালনৰ কথা ঘোষনা কৰি আজি "কা বিৰোধী জাতীয় মঞ্চ"ৰ আহ্বায়কমণ্ডলী ৰুবুল দাস, প্ৰদীপ কলিতা, সঞ্জীব চিয়াম আৰু গগন কলিতাই আৰু কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কা বিৰোধী প্ৰতিবাদ মষিমূৰ কৰিবলৈ যিমানেই চেষ্টা নকৰক কিয় অসমীয়া জাতিয়ে কা কোনো পধ্যেই মানি নলয় আৰু প্ৰয়োজন সাপেক্ষে সকলো ৰাইজ ব্যাপক প্ৰতিবাদৰ বাবে ৰাজপথলৈ ওলাই আহিবলৈ সাজু আছে। ইতিমধ্যে, সকলো জাতিপ্ৰেমী অসমীয়াই যি যেনেকৈ পাৰে প্ৰতিবাদ কৰিছেই। গতিকে, বিজেপি চৰকাৰে শীঘ্ৰেই এই জাতিধ্বংসী আইনখন বাতিল নকৰিলে পৰিস্থিতি অধিক তীব্রতৰ হৈ উঠিব। আজি দিনৰ এঘাৰ বজাৰ পৰা ষোল্ল মাৰ্চৰ দিনৰ এঘাৰ বজালৈকে চচলত ব্যাপক প্ৰতিবাদ হব। আজি সন্ধিয়া ৬-০০ বজাত এই ধৰ্ণাস্থলিত কা ৰ প্ৰতিলিপি ৰাজহুৱা ভাৱে দাহ কৰা হব। লগতে ২০ মাৰ্চৰ পিছত নতুন দিল্লীৰ যন্তৰ মন্তৰত মঞ্চই আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ সিদ্ধান্ত লৈছে।গতিকে, সকলো ৰাইজকে এই প্ৰতিবাদত অংশ লৈ অসমীয়া জাতিক বচাবলৈ ওলাই আহিবলৈ মঞ্চৰ আহ্বায়কত্ৰয়ে বিনম্র ভাৱে আহ্বান জনাইছে। অন্যথা নৰেন্দ্ৰ মোডী,অমিত শ্বাহ,হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোঁনোৱালহঁতৰ দৰে বদনহঁতৰ কৱলৰ পৰা অসমীয়া জাতিক বচাব পৰা নাযাব বুলি আহ্বায়কত্ৰয়ে মন্তব্য কৰে।

You May Also Like

More From Author