নহৰুৰ বাকলি পেলাই নিদিব! ইয়াৰ দ্বাৰা বহু ৰোগৰ পৰা হাত সাৰিব পাৰিব…

1 min read

নহৰু আমাৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ, বহু খাদ্য নহৰু অবিহনে সোৱাদ ভাল নহয়। নহৰু ব্যৱহাৰ কৰিবলৈ আমি নহৰু বাকলি পেলাই দিওঁ। কিন্তু যদি আপুনি এই বাকলিবোৰৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে হয়তো আপুনি কেতিয়াও পোলাই নিদিব নহৰু বাকলি। ই আপোনাৰ শৰীৰৰ বাবে বহু দিশত উপকাৰী হ’ব পাৰে, যাৰ বিষয়ে আপুনি জানিব লাগিব। নহৰু বাকলিৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

১) নহৰুৰ বাকলি এন্টি ভাইৰেল, এন্টি ফাংগেল আৰু এন্টি বেক্টেৰিয়েল গুণেৰে ভৰপূৰ। এই বাকলিবোৰ শাক-পাচলি আৰু চূপত মিহলাই ৰান্ধিব পাৰি, যাৰ ফলত খাদ্যৰ পুষ্টিগুণ বৃদ্ধি পায়।

২) যিহেতু নহৰু বাকলিত ভেঁকুৰ প্ৰতিৰোধী গুণ থাকে, সেয়েহে ই আমাৰ ছালৰ বাবে অতি উপকাৰী হৈ পৰে, সেয়েহে ই খজুৱতিৰ সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি নহৰু আৰু ইয়াৰ বাকলিৰ পানী আক্ৰান্ত ঠাইত প্ৰয়োগ কৰিব লাগিব। ইয়াৰ উপৰিও পিম্পলৰ পৰাও সকাহ দিয়ে।

৩) নহৰুৰ বাকলি চুলিৰ বাবেও অতি উপকাৰী বুলি বিবেচিত। যদি আপোনাৰ উফিৰ সমস্যা আছে তেন্তে চুলিত নহৰু বাকলিৰ পানী বা পেষ্ট লগাওক, ইয়াৰ ফলত উফি আৰু ওকনি নাইকিয়া হ’ব। ইচ্ছা কৰিলে নহৰু বাকলিৰ পানী উতলাই চুলিত লগাব পাৰে।

৪) যদি আপোনাৰ হাঁপানীৰ সমস্যা আছে তেন্তে প্ৰথমে নহৰু বাকলিখিনি ভালদৰে পিহি তাৰ পিছত মৌৰ লগত মিহলাই ৰাতিপুৱা আৰু গধূলি খাব। ইয়াৰ দ্বাৰা এই ৰোগৰ পৰা সকাহ পাব।

৫) নহৰু বাকলি খালে ভৰিৰ ফুলাও কমি যায়। ইয়াৰ বাবে নহৰু বাকলি পানীত উতলাই তাত ভৰি ডুবাই দিব। ইয়াৰ দ্বাৰা শীঘ্ৰে সকাহ পাব।

You May Also Like

More From Author