শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জুয়ে পোৰা সোণ হৈ উজলিল নলবাৰীৰ মেধাৱী ৰেজাউল

0 min read

এটা সুখবৰে এটা অঞ্চললৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা! শাৰীৰিক প্ৰতিবন্ধকতাকো নেওঁচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পোৰা সোণ হৈ উজ্বলিছে নলবাৰীৰ মেধাবী ৰেজাউল। নলবাৰীৰ পশ্চিম প্ৰান্তৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰেজাউল হকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে ৯২.১৬ শতাংশ নম্বৰ ।এই খবৰে নলবাৰীৰ গন্ধিয়া গাওঁলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা । ৮০ শতাংশ শাৰীৰিকভাৱে অক্ষম যুৱকজনে এই ফলাফলত সাধাৰণ বিজ্ঞানত ৯৬, উচ্চ গণিতত ১০০, সমাজ বিজ্ঞানত ৯৫ , অসমীয়াত ৯১, ইংৰাজীত ৮৪ আৰু সাধাৰণ গণিতত ৮৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ নিজৰ একান্ত চেষ্টা আৰু সাধনাধ বলত শাৰীৰিক প্ৰতিবন্ধকতাকো নেওঁচি চৰকাৰী খণ্ডৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যুৱকজনে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় । পঢ়াৰ ক্ষেত্ৰত ছাত্ৰজনে পৰিয়ালৰ পৰা লাভ কৰিছে যথেষ্ট সহাৰি । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৫৩ নম্বৰ লাভ কৰা ৰেজাউলে উচ্চ গণিত বিষয়ত ১০০নম্বৰেই লাভ কৰিছে ।আজৰি সময়ত বিজ্ঞানৰ বিভিন্ন ধৰণৰ প্ৰকল্প তৈয়াৰ কৰাত ব্যস্ত হৈ থাকে ৰেজাউল ।পৰবৰ্তী সময়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিব ৰেজাউলে আৰু ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন আছে ৰেজাউলৰ।ৰেজাউলৰ উচ্চ শিক্ষা আৰু চিকিৎসাৰ বাবে চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাক আৰ্থিক সহায়ৰ বাবে অনুৰোধ জনাইছে তেওঁৰ পৰিয়ালে । মনপুতি পঢ়া শুনা কৰিলে এইধৰণৰ ফলাফল সম্ভৱ বুলি ক’লে ৰেজাউল হকে । এই ফলাফলৰ বাবে পিতৃ মাতৃ পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলক ধন্যবাদ জনায় ছাত্ৰজনে ।

You May Also Like

More From Author