নিয়মিত যৌনতাৰ বাবেই হ’ব পাৰে বিপদ !

1 min read

কোৱা হয় যে এহাল সুস্থ নাৰী-পুৰুষৰ মাজত প্রায় নিয়মিতভাবে শাৰীৰিক সম্পৰ্ক স্থাপন হ’লে তেওঁলোক মানসিক আৰু শাৰীৰিকভাবে অসুস্থ হৈ পৰাৰ সম্ভাৱনা অতি কম। কিন্তু শেহতীয়া এক গবেষণাৰ মতে বয়স বাঢ়ি অহাৰ লগে লগে মানুহে নিজৰ যৌনতাও নিয়ন্ত্রণ কৰা উচিত।

পঞ্চাশোর্ধৰ ব্যক্তিয়ে যদি নিয়মিতভাবে যৌন সংগমত লিপ্ত হয়, তেন্তে তেওঁলোক হৃদৰোগত আক্রান্ত হোৱাৰ আশংকা বৃদ্ধি পায়। গৱেষণাত লগতে পোৱা গৈছে যে যৌৱন অতিক্ৰম কৰা পুৰুষ দৈনিক কিম্বা সাপ্তাহিকভাৱে সংগমত অভ্যস্ত, তেন্তে তেওঁৰ হৃদৰোগৰ আশংকা অতি বেছি।

এনে মন্তব্যই কৰিছে মিছিগান ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে। অৱশ্যে তেওঁলোকে জনাইছে যে পঞ্চাশোর্ধৰ মহিলাৰ ক্ষেত্ৰত নিয়মিত যৌন সংগমৰ ফলত হৃদৰোগত আক্ৰান্ত হোবাৰ প্রৱণতা কম।

গৱেষকৰ দলটোৰ প্ৰধান হুই লিউবে কয়, ‘তুলনামূলকভাবে বয়স্কসকলে যদি নিয়মিতভাবে যৌনতাৰ শাৰীৰিক তৃপ্তি অনুভব কৰে আৰু সন্তুষ্ট হয়, সেইক্ষেত্ৰত তেওঁলোক কার্ডিঅ’ভাস্কুলাৰ ৰোগত আক্রান্ত হোৱাৰ প্রবণতা অত্যধিক।’ দুহেজাৰৰ অধিক লোকৰ মাজত এই গৱেষণা কৰা হৈছিল।

গৱেষণাৰ অন্তত দেখা গৈছে যে যিসকলৰ মাজত যৌন-সম্পর্ক স্থাপনৰ মাত্রা বেছি, তেওঁলোকেই পৰৱৰ্তী সময়ত হৃদৰোগত আক্রান্ত হোৱা দেখা গৈছে। গৱেষকসকলৰ মতে, পঞ্চাশোর্ধৰ ব্যক্তিয়ে নিয়মিত বা সপ্তাহভিত্তিত যৌন সংগমত মিলিত হ’লে তেওঁলোকৰ শৰীৰৰ স্বাভাবিক ৰক্তচাপ তুলনামূলকভাবে বৃদ্ধি পায়, যি তেওঁলোকৰ হৃৎপিণ্ডত বিৰূপ প্রভাব পেলায়।

আনকি অতিৰিক্ত চাপৰ ফলত হার্ট এটেকৰ দৰে মৃত্যু সংকটৰো সন্মুখীন হ’ব পাৰে তেওঁলোক। গৱেষণাৰ মতে, প্রতিদিনে যৌন সংগম নকৰি যদি মাহিলী ৰুটিন অনুসৰণ কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা হয়, তেনে ব্যক্তিৰ স্বাস্থ্য তুলনামূলকভাবে ভালে থাকিব।

You May Also Like

More From Author