এজন কয়দী কেনেকৈ মালিক হ’ল লম্বৰগিনী কোম্পেনীৰ.

1 min read

প্ৰিয় পাঠকসকল আপোনালোকেও চাগে গাড়ী ভাল পায় ।তাৰ ভিতৰত লম্বৰগিনী নাম চাগে শুনিছে নিশ্চয়। ইটালীৰ কাৰ কোম্পানী দ্বাৰা এই কাৰখন বনোৱা হৈছিল।

এই গাড়ীখন দেখিবলৈ যিমান ধুনীয়া ইয়াৰ দাম ও সিমানেই বেছি। কিন্তু বহুত কম মানুহ আছে চাগে যিয়ে এই গাড়ীখন বনোৱা মানুহজনৰ জীৱনৰ বিষয়ে জানে।ফেৰাৰী কোম্পানীৰ ফাউণ্ডাৰ এনজ’ ফৰাৰী পৰা পোৱা নিজৰ জীৱনৰ লাজ অৱেহেলাৰ উত্তৰ সফলতাৰে কেনেকৈ দিব লাগে জানিছিল লম্বৰগিনীৰ স্বত্তাধিকাৰীয়াৈ।

২৮ এপ্ৰিল ১৯১৬ চনত ইটালীত ফেৰ’চিও লম্বৰগিনীৰ জন্ম হৈছিল। তেওঁ এজন সাধাৰণ কৃষকৰ পৰিয়ালৰ ব্যক্তি আছিল।ফেৰ’চিওৰ মাক-দেউতাকে ৱাইন বনাবলৈ আঙুৰৰ খেতি কৰিছিল। লগতে তেওঁলোকে নিজৰ পুতেকক ভাল ৱাইন বনোৱা পদ্ধতিৰ বিষয়ে ও কৈছিল। তেওঁ মাক-দেউতাকৰ কথা মন দি শুনিছিল কিন্তু তেওঁৰ খেতি বাতি কৰাৰ অকনো ইচ্ছা বা আগ্ৰহ নাছিল। তেওঁৰ মেকানিকেল বস্তুৰ ওপৰত বেছি আগ্ৰহ আছিল। সেই কাৰণে তেওঁ আজৰি সময়ত খেতিত ব্যৱহাৰ হোৱা ট্ৰেক্টৰ বিভিন্ন বস্তু জোৰা দি চাইছিল।এই আগ্ৰহৰ বাবে তেওঁ এখন মেকানিকেল স্কুলত নাম ভৰ্তি কৰি ল’লে।যাৰ পাছত তেওঁ খেতি বাতি কামৰ ফালে ঘূৰি নাচালে ।ফেৰ’চিওয়ে গাড়ী বনাইও বহুত ভাল পাইছিল। পাছত এই ইচ্ছা পূৰণ কৰিবলৈ তেওঁ কেবেলিয়ে ৰহি নামৰ কোম্পানীত কাম শিকিবলৈ আৰম্ভ কৰিলে। যিয়ে ইটালীৰ আৰ্মী কোম্পানীৰ মেচিনবোৰ চোৱা চিতা কৰিছিল।তাত তেওঁ বহুত দিনলৈকে আৰু বহুত ভালকৈ কাম কৰিলে আৰু শিকিলে।তাত আৰ্মী কোম্পানীৰ মেচিনবোৰ চোৱা চিতা কৰা পাছত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইটালীৰ ৰয়েল এয়াৰ ফৰ্চৰ লগত জড়িত হ’ল।বায়ু সেনাৰ লগত থাকিল। বহুত দিন যুদ্ধ হোৱা পাছত যেতিয়া ইটালীৰ এটা অংশই হাৰ মানি ল’লে। তেতিয়া তেওঁ সেই ঠাইত আছিল যিখিনি ঠাই জাৰ্মানী সকলে নিজৰ অধীনলৈ আনিছিল। জাৰ্মানৰ অধীনলৈ আহোতে প্ৰথমতে সকলোবোৰ ঠিকেই আছিল। কিন্তু পাছত তাত থকা সকলো ইটালীৰ মানুহক কয়দী বনাই লোৱা হৈছিল।য’ত ফেৰচি’ও আছিল।

আপোনালোকে জানে চাগে বিশ্বযুদ্ধৰ পাছত কয়দী সকলক কেনেকৈ ৰখা হৈছিল কিমান শাস্তি দিয়া হৈছিল। কিন্তু তেওঁ তাতো নিজৰ মেকানিকেল কাম কৰিছিল আৰু বহুতো সমস্যা সমাধান কৰিছিল আৰু জাৰ্মান আৰ্মীৰ বহুতো কাম কৰি দিছিল। তেওঁৰ এই ব্যৱহাৰবোৰ দেখিয়ে তেওঁক সোনকালেই এৰি দিছিল । তেওঁৰ বাবে সেই সময়খিনি বহুত কষ্টকৰ আছিল। কাৰণ সেই সময়তে তেওঁ প্ৰথম পত্নী ক্লেলিয়াৰ সন্তান জন্ম দিয়ে মৃত্যু হৈছিল। এইবোৰৰ পৰা আঁতৰি থাকিবলৈ তেওঁ নিজকে কামত ব্যস্ত কৰি ল’লে। সেই সময়ত তেওঁ ল’ৰিচ ,টেক্টৰ আৰু বিশ্বযুদ্ধৰ আগৰ গাড়ীসমূহ লগোৱা বা ভাল কৰা কাম কৰিছিল।

কিন্তু এদিন ফেৰ’চিও ওচৰলৈ তেওঁ দেউতাকৰ এখন চিঠি আহিল।তাত তেওঁৰ দেউতাকে তেওঁক কৈছিল যে তেওঁক খেতি কৰিবৰ বাবে টেক্টৰৰ প্ৰয়োজন হৈছে। কাৰণ বিশ্বযুদ্ধৰ ফলত বহুত লোকচান হৈছিল আৰু সেইবোৰৰ পৰা বাহিৰলৈ উলাই আহিবলৈ তেওঁৰ দেউতাকে খেতি কৰিব বিচাৰিছিল।এই চিঠি খন অহাৰ পাছত তেওঁৰ মনত বুদ্ধি এটা আহিল। কেনেকৈ তেওঁ কৃষিবিজ্ঞানত ব্যৱহাৰ হোৱা মেচিন বনাই মানুহৰ সহায়ৰ লগতে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। কিন্তু ইয়াক আৰম্ভ কৰাতো ইমান সহজ নাছিল।তাৰ বাবে বহুত বস্তুৰ প্ৰয়োজন আছিল তেতিয়া তেওঁ ভাবিলে যে যুদ্ধৰ সময়ত এৰা মিলিটেৰী মেচিনৰ ব্যৱহাৰ কৰি নতুন টেক্টৰ বনাব। নিজৰ এই চিন্তাৰ ফলতেই তেওঁ এনেকুৱা এখন টেক্টৰ বনালে যিখন দামী পেট্ৰ’লৰ সলনি ডিজেলত চলিছিল।লাহে লাহে কাম কৰি কৰি ফেৰ’চিওয়ে নিজৰ কোম্পানী লম্বৰগিনী ফেক্টৰী খুলিলে আৰু লাহে লাহে ব্যৱসায় আগবাঢ়ি যাবলৈ ধৰিলে। সেই কাৰণে পাছত তেওঁক নিজৰ ব্যৱসায় বঢ়াবলৈ ডাঙৰ ঠাইৰ লগতে বস্তুৰো প্ৰয়োজন হ’ল। দেউতাকে তেওঁৰ কষ্ট দেখি নিজৰ সকলো মাটিবাৰী বিকি তেওঁক পইচা দি দিলে।যাৰ ব্যৱহাৰ তেওঁ নিজৰ ব্যৱসায় আগবঢ়াবলৈ কৰিব পাৰে।ফেৰ’চিওয়ে সময় আৰু পৰিস্থিতিৰ বিষয়ে ভালকৈ জানিছিল আৰু বুজি পাইছিল। সকলোবোৰ ঠিক কৰিবলৈ তেওঁ দিন ৰাতি কষ্ট কৰিবলৈ ধৰিলে।( Assamese Fact )

প্ৰিয় পাঠকসকল আপোনালোকে শুনিছে চাগে কিবা কামত কৰা কষ্ট কেতিয়াও ইনেই নাযায়।এইয়ায়ে তেওঁৰ লগতো হৈছিল। কিছুসময়ৰ বা কিছুদিনৰ পাছতেই তেওঁৰ ট্ৰেক্টৰ বনোৱা কোম্পানী গোটেই ইটালীতে বিখ্যাত হৈ পৰিল। ব্যৱসায় বহুত ভালকৈ চলিবলৈ ধৰিলে আৰু বহুত পইচাও ইনকম হ’বলৈ ধৰিলে। তেওঁ সেই পইচাকে নিজৰ সকলোতকৈ পচন্দৰ বস্তু কিনিবলৈ ব্যৱহাৰ কৰিলে আৰু সেইটো বস্তু হ’ল কাৰ।লাক্সজেৰি কাৰ,স্পৰ্ট কাৰ আদিৰ প্ৰতি তেওঁৰ আগৰ পৰাই আগ্ৰহ আছিল।যাৰ ফলত তেওঁ ম’চৰিচ ,ম’চৰাতি আৰু আলফা ৰ’মিও আদি বিভিন্ন ভাল ভাল গাড়ী নিজৰ গেৰেজত ৰাখিছিল।

এটা কোম্পানীৰ মালিক আৰু ডাঙৰ ব্যৱসায়ী হোৱাৰ পিছতো তেওঁ নিজৰ মেকানিকেল স্কিল সমূহ দেখুওৱাবলৈ বন্ধ কৰা নাছিল। তেওঁৰ নিজৰ কোনোবা কাৰ যদি বেয়া হয় তেতিয়া তেওঁ সেইখন নিজেই ভাল কৰি লৈছিল। ইয়াৰ পিছত তেওঁৰ নিজৰ গেৰাজত ফৰাৰী অন্তৰ্ভুক্ত কৰিম বুলি ভাবি ল’লে আৰু তেওঁৰ এই সিদ্ধান্তই তেওঁৰ জীৱনৰ বহুত ভাল সিদ্ধান্ত ৰূপে পৰিগণিত হ’ল। তেওঁৰ এই সিদ্ধান্ত ফলতেই লম্বৰগিনীৰো আৰম্ভণি হ’ল। যেতিয়া তেওঁ ফৰাৰীৰ ২৫০জিটি মডেল কিনিলে তেওঁ সেই কাৰখনত বহুত সমস্যা দেখিবলৈ পালে।তাৰ ডাঙৰ সমস্যাটো আছিল স্কাছ । তেওঁ যেতিয়া সেইখন খুলি চালে তেওঁ অৱাক হৈ পৰিল। কাৰণ তাত সেইয়ায়ে স্কাছ আছিল যি তেওঁৰ নিজৰ ট্ৰেক্টৰত ব্যৱহাৰ কৰিছিল।

নিজৰ এই সমস্যা লৈ ফেৰ’চিও ফৰাৰী এনজ’ ফৰাৰী ওচৰলৈ গ’ল। ইমান ডাঙৰ কোম্পানীৰ মালিকক যদি কোনোবাই কয় আপোনালোকৰ গাড়ীৰ পাৰ্টবোৰ বেয়া তেতিয়া সেই স্থিতিত সেই মানুহজনে দুটায়ে কাম কৰিব পাৰে । সমস্যাটো শুনি তাক ঠিক কৰিব নহ’বা কথাবোৰ শুনি নিজৰ অপমান হোৱা বুলি ভাবি সন্মুখৰ জনক গালি দিব আৰু এনজ’য়েও তাকে কৰিলে তেওঁ গালি দিবলৈ আৰম্ভ কৰিলে আৰু ক’লে ভুল কাৰৰ স্কাছত নাই চলোৱা মানুহজনৰহে ভুল আছে। তোমাৰ দৰে ট্ৰেক্টৰ চলোৱা ব্যক্তিয়ে ল’ক্সজেৰী কাৰৰ বিষয়ে কি জানিবা। ফ’ৰচিওৰ এই কথাবোৰ গাত লাগি গ’ল আৰু তেওঁ সেই কথাবোৰ হৃদয়ত ৰাখি নতুন এটা পথত আগবাঢ়ি গ’ল । তেওঁ সিদ্ধান্ত কৰি ল’লে যে আচল স্পৰ্ট কাৰ কি তেওঁ পৃথিৱীৰ মানুহক দেখাব।ফেৰ’চিওৰ মগজুত এটা কথাই চলি আছিল যে এখন ভাল স্পৰ্ট কাৰ বনাব লাগে। নিজৰ এই সিদ্ধান্তৰ ফলতেই তেওঁ আকৌ লম্বৰগিনীৰ নাম দি এটা কোম্পানী খুলিলে। য’ত কাৰ মেনোফ্ৰেকচ’ৰিং কৰা মানুহ ৰখা হ’ল।তাত তেওঁ ফৰাৰীৰ তিনিটা পুৰণা কাম কৰা কৰ্মচাৰীও ৰাখিলে।

ফেৰ’চিওয়ে প্ৰথমখন গাড়ীৰ ডিজাইন বনাবলৈ আৰম্ভ কৰিলে । কাৰণ তেওঁ জানিছিল যে তেওঁক কেনেকুৱা গাড়ী লাগে। কিছুদিন কষ্ট কৰিয়ে তেওঁ নিজৰ ৰেচিং কাৰ সম্পূৰ্ণ কৰি উলিয়ালে। যাৰ নাম তেওঁ দিলে লম্বৰগিনী ৩৫০জিটিআই। য’ত ভিট্ৰায়েল ইঞ্জিন,ফাইভস্পিড ট্ৰামমেছন ,চাৰউইল ড্ৰিচব্ৰেক আৰু চাৰউইল চাচপেছন ৰখা হ’ল।লম্বৰগিনী ৩৫০জিটিআইক প্ৰথমতে টোৰেন ম’টৰ চ’ওত ৰখা হ’ল।যাৰ পাছত মানুহে তাৰ প্ৰসংশাও কৰিলে। ইয়াৰ পৰা ফেৰ’চিওয়ে এনজ’ ফৰাৰীক দেখাই দিলে যে তেওঁ অকল এজন কৃষক আৰু এজন ট্ৰেক্টৰ চালকেই নহয়।এজন মেকানিকেন এক্সপাৰ্ট ও হয়।যি সকলো কাম কৰিব পাৰে। সময় লাহে লাহে পাৰ হৈ গ’ল আৰু লম্বৰগিনীৰ কাৰ মাৰ্কেটত বাঢ়ি যাবলৈ ধৰিলে । বিশেষকৈ স্পৰ্ট কাৰত। কাৰণ মানুহে ইয়াৰ ডিজাইন বহুত পচন্দ কৰিছিল।লম্বৰগিনীৰ ডিমান্দ দেখি ১৯৬৬ চনত ইয়াৰ আৰু নতুন মডেল উলিওৱা হ’ল। যাৰ ভিতৰত ৪০০জিটি,মিউৰা পি৪০০ ।এই দুটা মডেল উলোৱাৰ পাছতেই বহুত চলিবলৈ ধৰিলে। পাছত মিউৰা পি৪০০ চুপাৰ কাৰ ৰূপে জনাজাত হ’ল।যাৰ ইঞ্জিন যিকোনো হাই প্ৰফ’মেনছ কাৰৰ তুলনাত বহুত ভাল আছিল। নিজৰ এই সফলতাৰ ফলতেই লম্বৰগিনীয়ে মাৰ্কেটত নতুন নতুন মডেল আনিবলৈ সক্ষম হ’ল। যাৰ ভিতৰত স্পাৰা,ইচলেৰ’, উৰাক’ দৰে বহুত গাড়ী সন্নিবিষ্ট হৈ আছিল।লাহে লাহে লম্বৰগিনী বহুত ডাঙৰ এটা ব্ৰেণ্ড হৈ পৰিল।যিটো এটা সময়ত বহুত কাৰ বিক্ৰী কৰা ব্ৰেণ্ড ৰূপে পৰিগণিত হৈ পৰিল। কিন্তু এটা এনেকুৱা সময়ো আহিছিল যেতিয়া কোম্পানীয়ে বহুত সমস্যা দেখিবলৈ পাইছিল।

১৯৭৩ চনত তেলৰ ক্ষেত্ৰত বহুত সমস্যা আহিছিল আৰু যাৰ ফলত কাৰ বিক্ৰী ক্ষেত্ৰতো সমস্যা আহি পৰিছিল। সকলোতকৈ বেছি আৰ্দাৰ এই গাড়ীখনৰে আৰু নিকিনাৰ ফলত কোম্পানীটোৱে বহুত বেছি সমস্যা সন্মুখীন হ’ব লগা হৈছিল। পাছত ফেৰ’চিওয়ে ইয়াক বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে।১৯৯৮চনলৈকে লম্বৰগিনীয়ে নিজৰ বহুত মালিক সলনি কৰিলে।১৯৯৮চন ভ্লক্সৱেগেঞ্জৰ ওচৰলৈ আহিল।ভ্লক্সৱেগেঞ্জৰে ইয়াক আউট অফ এজিনত থৈ দিলে আৰু ভ্লক্সৱেগেঞ্জৰ ওচৰলৈ অহাৰ পাছত এই কোম্পানীটোৱে আকৌ নতুন এটা ৰূপ ল’লে যি সময়ত কাৰ কোম্পানী সমূহ বন্ধ হ’বলৈ লৈছিল ই সেই সময়ত আৰু আজিও নিজৰ ইনকম বঢ়াই গৈ আছে।২০১৬চনত ই নিজৰ সকলো আগৰ ৰেকৰ্ড ভাঙি দিলে আৰু কাৰ মাৰ্কেটত আকৌ ভৰি পৰিল।যাৰ ফলত পৃথিৱীৰ বহুত মানুহৰ ই পচন্দৰ কাৰ হৈ পৰিল। প্ৰিয় পাঠকসকল এইয়া আছিল লম্বৰগিনী কাৰৰ আদিৰ পৰা এতিয়ালৈকে হোৱা সফলতাৰ বিভিন্ন কথা।

You May Also Like

More From Author