বীৰ হনুমান আৰু শনিদেৱৰ কৃপা পাবলৈ এইসমূহ জানি লওক.

1 min read

শণিবাৰৰ দিনটো হৈছে, শণিদেৱক পূজা কৰাৰ দিন। আৰু লগতে শণিবাৰত ৰাম ভক্ত বীৰ হনুমানক পূজা অৰ্চনা কৰা হয়।( Religious Studies )

সেয়ে শনিবাৰৰ দিনটোত এনে কিছুমান কাম কৰিব লাগে, যিবোৰ কামৰ দ্বাৰা বীৰ হনুমান আৰু শণিদেৱ প্ৰসন্ন হয়। এই দুজন দেৱতাক সন্তোষ কৰি ৰাখিব পাৰিলে, কোনো অসুবিধাৰ সন্মুখীন হব লগা নহয় আৰু ঘৰখনলৈ কোনো ধৰণৰ বাধা বিঘিনি আহিব নোঁৱাৰে। এই কাম ভাদ মাহৰ যিকোনো শণিবাৰে কৰিলে অধিক ফল পোৱা যায়। তেতিয়া এওঁলোকৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত নিশ্চয় থাকিব।

১/প্ৰত্যেক শণিবাৰৰ দিনটিত কাউৰীক যি পাৰে খাবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয়, ফলত জীৱনৰ দুখ কষ্ট দূৰ হয়।

২/ভাদ মাহৰ শণিবাৰ এটিত, তিল এমুঠি হাতত লৈ, শণিদেৱক স্মৰণ কৰি, ঔঁ শণিচায়ে নমঃ এই মন্ত্রটি ৩ বাৰ মনতে উচ্চাৰণ কৰি নদীত বা পুখুৰীত পেলাই দিয়ক। এনে কৰিলে অত্যন্ত মংগল হয়। লগতে অৰ্থ ক্ষেত্রত থকা যিকোনো বাধা লাহে লাহে দূৰ হবলৈ ধৰে। ( Religious Studies )

৩/ভাদ মাহৰ শণিবাৰৰ দিনটোত অসহায় লোকক, আৰ্থিক ভাৱে যি পাৰে সহায় কৰক। আৰু অন্ন ভোজন কৰিবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয় আৰু লগতে বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত থাকিব।

৪/ভাদ মাহৰ শণিবাৰৰ দিনটোত ঘৰলৈ মগনীয়া আহিলে, খালী হাতেৰে বিদায় নিদিব। কিবা নহয় কিবা এটা দান কৰিহে বিদায় দিব। শণিবাৰৰ দিনত কিবা দান কৰিলে, ভাগ্য সলনি কৰাত সহায় কৰে।

৫/শণিৰ মহা দশাৰ পৰষ মুক্তি পাবলৈ হলে, শণিবাৰৰ দিনটো হনুমানৰ ওপৰত অৰ্পণ কৰিব লাগে। আৰু সন্ধ্যা হনুমান চালিচা পাঠ কৰিলে, সকলো বাধা বিঘিনি দূৰ হয়। ঘৰখনলৈ পজিটিভ শক্তিৰ আগমন হয়।।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author