‘গণতন্ত্ৰক উৎসৱৰ দৰে পালন কৰক’, পুৱাই অমিত শ্বাহক লগত লৈ গান্ধীনগৰত ভোট দিলে মোদীয়ে

0 min read

মঙলবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১০খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৪খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আজি। আজি পুৱাই গুজৰাটৰ আহমেদাবাদৰ গান্ধীনগৰৰ নিশান হায়াৰ ছেকেণ্ডাৰী স্কুল কেন্দ্ৰত একেলগে গৈ ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে।

পুৱা ৭.৪৩ বজাত ভোটদান কৰে মোদীয়ে। ভোটদানৰ পূৰ্বে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰে মোদীয়ে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বত দেশবাসীক অভিলেখসংখ্যক ভোটদানৰ আহ্বান জনায় মোদীয়ে। লিখিলে, ‘আজি যিসকলে ভোট দিব, তেওঁলোক সকলোকে অভিলেখংখ্যক ভোটদান কৰাৰ আহ্বান জনাইছো। তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে নিশ্চয়কৈ নিৰ্বাচনক অধিক প্ৰাণৱন্ত কৰি তুলিব।’

পুৱাই ভোটদান কৰিবলৈ ৰাজভৱনৰ পৰা ৰাওনা হয় মোদী। তাৰ পিছত গান্ধী নগৰৰ ভোটকেন্দ্ৰত উপস্থিত হয় মোদী। ভোটকেন্দ্ৰৰ কিছু দূৰৰ পৰা খোজ কাঢ়িয়ে ভোটকেন্দ্ৰত প্ৰৱেশ কৰে মোদীয়ে।

ভোটকেন্দ্ৰত মোদীৰ পূৰ্বেই উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁৰ ভোটদানো হৈ গৈছিল। প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পিছত মোদীক সংগ দিয়ে অমিত শ্বাহে। ভোটদান কৰাৰ পিছত হাত ডাঙি জনতাক অভিবাদন জনায় মোদীয়ে।

ভোট দিয়াৰ পিছত সংবাদ মাধ্যমক উদ্দেশ্যি মোদীয়ে কয়, ‘‘আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদান। মই দেশবাসীৰ ওচৰত আবেদন জনাইছো, তেওঁলোকে যেন অভিলেখসংখ্যক ভোটদান কৰে। সকলোৱে মিলি গণতন্ত্ৰক উৎসৱৰ দৰে পালন কৰক। আমাৰ দেশত ‘দান’ৰ গুৰুত্ব অপৰিসীম আৰু সেই চেতনাক সংগী কৰি যথাসম্ভৱ অধিক ভোটদানৰ আহ্বান জনাইছো দেশবাসীৰ ওচৰত। চতুৰ্থ পৰ্যায়ৰ ভোট এতিয়াও বাকী। গুজৰাটৰ এজন ভোটাৰ হিচাপে এয়াই একমাত্ৰ স্থান য’ত মই নিয়মিত ভোটদান কৰি আহিছো আৰু অমিত ভাই ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।’’

You May Also Like

More From Author