গুগল মেপ অনুসৰণ কৰি আগুৱাইছিল গাড়ী, মুহূৰ্ততে সোমাল নদীৰ বুকুত! তাৰ পিছত…

0 min read

পথ চিনাৰ বাবে বহু সময়ত গুগল মেপৰ সহায় লোৱা হয়। মেপ অনুসৰণ কৰি গন্তব্য স্থানত উপনীত হ’ব পাৰি। কিন্তু সেই মেপ অনুসৰণ কৰি গন্তব্য স্থানত উপনীত হ’লৈ গৈ বিপদত পৰিল কেইবাজনো পৰ্যটক।

আৰক্ষী সূত্ৰে খবৰ, চাৰিজন পৰ্যটকৰ এটা দলে হায়দৰাবাদৰ পৰা কেৰালাৰ আলাপ্পুঝালৈ গৈছিল। যাতে সহজে গন্তব্যস্থানত উৰস্থিত হ’ব পাৰি তাৰ বাবে গুগল মেপৰ সহায় লৈ আগুৱাইছিল তেওঁলোক। কেৰালাত বিগত কেইবাদিনো ধৰি প্ৰবল বৃষ্টিপাত হৈছে। সেই বৃষ্টিপাতৰ মাজতে গাড়ী লৈ শুকুৰবাৰে নিশা গন্তব্যস্থানৰ দিশে আগুৱাইছিল তেওঁলোক।

পৰ্যটকৰ দলটোৰ এজনৰ দাবী, বৰষুণৰ বাবে পথত পানী জমা হৈছিল। নদী উপচি পথৰৰ ওপৰেৰে পানী বাগৰিছিল। যিহেতু পথটো তেওঁলোকৰ বাবে পৰিচিত নাছিল, সেয়ে গুগল মেপ খুলি লয়। সেই মেপ অনুসৰণ কৰি জলমগ্ন ৰাস্তাৰে আগুৱাইছিল তেওঁলোক। পৰ্যটকসকলৰ দাবী, দক্ষিণ কেৰালাৰ কুৰুপ্পানথাৰাৰ ওচৰত গুগল মেপ অনুসৰি গাড়ী ঘুৰাবলৈ লওঁতেই ওফন্দি উঠা নদীত গৈ সোমাই পৰে গাড়ীখন।

মুহূৰ্তৰ ভিতৰতে পানীৰ সোঁত উটি যায় গাড়ীখন। তাৰ পিছত ডুবিবলৈ লয়। পৰ্যটকসকলে চিৎকাৰ কৰি সহায় বিচাৰে। স্থানীয় লোকে এখন গাড়ী উটি যোৱা দেখি উদ্ধাৰকাৰ্যত লাগি পৰে। পৰ্যটকসকলক উদ্ধাৰ কৰিলেও উটি যায় গাড়ীখন। ডাঙৰ বিপদৰ পৰা ৰক্ষা পালে পৰ্যটকসকল। তেওঁলোকে জনাইছে, স্থানীয় লোকসকল সময়মতে সহায় নকৰিলে তেওঁলোকৰ প্ৰাণহানি হ’লহেঁতেন।

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনাৰ সাক্ষী হৈছে কেৰালা। বিগত বৰ্ষৰ অক্টোবৰত গুগল মেপ অনুসৰণ কৰি গাড়ী চলোৱাৰ সময়ত নদীত গৈ পৰে দুই তৰুণ চিকিৎসক। তেওঁলোকৰ মৃত্যু হৈছিল। বৰ্ষাকালত এই প্ৰযুক্ত কিদৰে ব্যৱহাৰ কৰিব লাগে, সেই ঘটনাৰ পিছতে তাৰ এক নিৰ্দেশনা জাৰি কৰিছিল কেৰালা আৰক্ষীয়ে।

You May Also Like

More From Author