স্বামীৰ পৰকীয়া প্ৰেমৰ সন্দেহত নিজৰ জীৱন শেষ কৰিলে পত্নীয়ে! ঘটনা গুৱাহাটী মহানগৰীৰ

1 min read

স্বামীৰ পৰকীয়া প্ৰেমৰ বাবেই এগৰাকী মহিলাই চূড়ান্ত সিদ্ধান্ত লোৱাৰ অভিযোগ গুৱাহাটী মহানগৰীত। মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মেগজিনৰ কনকলতা পথত আজি সংঘটিত হয় এই ঘটনা। নিজৰ ঘৰৰ ভিতৰতে এগৰাকী মহিলাই অপমৃত্যুক আঁকোৱালি লয়। মহিলাগৰাকীৰ স্বামীক আটক কৰিছে নুনমাটি আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি, মেগজিনৰ কনকলতা পথৰ বাসিন্দা নবীন ডেকা পেছাত এগৰাকী গেলামাল দোকানী। অভিযোগ অনুসৰি, ব্যৱসায়ী নবীন ডেকাৰ সৈতে আন এগৰাকী মহিলাৰ অবৈধ সম্পৰ্ক আছিল। ইয়াকে লৈ নবীন ডেকা আৰু তেওঁৰ পত্নীৰ মাজত দীৰ্ঘদিন দৰি সংঘাতো চলি আহিছিল।

অভিযোগ মতে, শনিবাৰে পুৱাৰ ভাগত নবীন ডেকাৰ পত্নীয়ে নবীনৰ লগতে অবৈধ প্ৰেমিকা বুলি সন্দেহ কৰা মহিলাগৰাকীৰ ম’বাইল ফোন অফ থকাত দুয়ো একেলগে হোটেললৈ যোৱা বুলি সন্দেহ কৰে আৰু এই কথা অৱগত কৰে ওচৰ-চুবুৰীয়াক। ইয়াৰ পিছতে মহিলাগৰাকীয়ে নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি জীৱনৰ চূড়ান্ত পথ বাচি লয়।

মহিলাগৰাকীয়ে অপমৃত্যুৰ পথ বাচি লোৱাৰ পিছতে উত্তেজিত হৈ পৰে একাংশ স্থানীয় লোক। স্থানীয় ৰাইজে খবৰ দিয়ে নুনমাটি আৰক্ষীক। মহিলাগৰাকীৰ স্বামী নবীন ডেকা ঘৰত উপস্থিত হোৱাত স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায়। নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নবীন ডেকাক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰে।

আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। ইপিনে অবৈধ প্ৰেমিকা বুলি সন্দেহ কৰা মহিলাগৰাকীয়ে নবীন ডেকাৰ লগত সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

You May Also Like

More From Author