পানীত মোবাইল পৰি গ’লে কি কৰিব? লগে লগেই কৰক এই কাম, মোবাইলৰ ভিতৰৰ সোমোৱা পানী ওলাই যাব

1 min read

মোবাইল পানীত পৰিলে বেয়া হোৱাৰ সম্ভাৱনাই যথেষ্ট বেছি। যদি কেতিয়াবা আপোনাৰ মোবাইলটো পানীত পৰি যায় অথবা বৰষুণত তিতে, তেতিয়া লগে লগে কি কৰিব জানি লওক

মোবাইলৰ আটাইতকৈ বেছি ক্ষতি কৰে পানীয়ে, কাৰণ এবাৰ পানীত পৰিলে মোবাইল নষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি। যদি হঠাৎ আপোনাৰ মোবাইলটো পানীত পৰে তেন্তে তৎক্ষণাত কি কৰিব লাগে জানি লওক

পানীত পৰিলে আপোনাৰ মোবাইলৰ বাহিৰৰ অংশ মচিলে শুকাই যায় কিন্তু ভিতৰত বা চাৰ্জাৰ এৰিয়াত থাকি যায় পানী,যিয়া আপোনাৰ মোবাইটো নষ্ট কৰিব পাৰে। গতিকে ফোনটো পানীত পৰিলে কি কৰিব?

কেতিয়াবা বহু লোকৰে বৰষুণত মোবাইলটো সম্পূৰ্ণ তিতি যায়। বা কেতিয়াবা আপোনাৰ সন্তানে হঠাতে আপোনাৰ ফোনটো পানীৰ বাল্টিত পেলাই দিয়ে তেতিয়া আপুনি কি কৰিব।

মোবাইলটো পানীত পৰিলে চাৰ্জাৰ আৰু স্পীকাৰৰ ভিতৰত পানী সোমাই যায়। বেছিভাগ সময়তে মোবাইলটো পানীত পৰিলে আমি সকলোৱে হয় শুকান কাপোৰেৰে মচি দিওঁ নহয় ৰ’দত বা গৰম হিটাৰৰ সন্মুখত শুকাবলে চেষ্টা কৰো।

মোবাইলত পানী সোমালে শুকান কাপোৰেৰে মচি পেলোৱাৰ উপৰিও আপোনাৰ ফোনত গুগলত গৈ search optionত fix My Speaker বুলি সন্ধান কৰক। এতিয়া ৱেবচাইটটো স্পৰ্শ কৰিলেই আপোনাৰ ফোনত এটা শব্দ শুনিব। আৰু সেই শব্দৰ মাজেৰে আপোনাৰ ফোনটোৰ ভিতৰৰ চাৰ্জিং চকেট আৰু স্পীকাৰৰ পৰা পানী ওলাই আহিব।

You May Also Like

More From Author