দীনেশ কাৰ্তিকৰ অনুৰাগীলৈ সুখবৰ। টি-২০ বিশ্বকাপত পুনৰ খেলপথাৰলৈ উভতিব দীনেশ কাৰ্তিক। ৰাজস্থান ৰয়েলছৰ হাতত এলিমিনেটৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পৰাজয়ৰ বৰণ কৰাৰ পিছতে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দীনেশ কাৰ্তিকে। কিন্তু অৱসৰ পিছতে পুনৰ খেলপথাৰলৈ উভতি অহাৰ কথা প্ৰকাশ কৰিলে দীনেশ কাৰ্তিকে। টি-২০ বিশ্বকাপত পুনৰ খেলপথাৰত দেখা পাব কাৰ্তিকক।
শেহতীয়াকৈ ICC প্ৰকাশ কৰিছে টি-২০ বিশ্বকাপৰ ধাৰাভাষ্যকাৰীৰ তালিকা প্ৰকাশ কৰিছে। ICCৰ সেই তালিকাত দীনেশ কাৰ্তিকৰ নাম আছে। ইয়াৰ পূৰ্বে দীনেশ কাৰ্তিকেও ক্ৰিকেট সন্দৰ্ভত মন্তব্য কৰিছিল, তেওঁৰ ধাৰাভাষ্যৰ যথেষ্ট শলাগ লোৱা হৈছিল। এইবাৰ বিশ্বকাপৰ দৰে এখন ডাঙৰ মঞ্চত ধাৰাভাষ্যকাৰী ৰূপত দেখা যাব কাৰ্তিকক। অৱশ্যে পূৰ্বেও দীনেশ কাৰ্তিক ধাৰাভাষ্যকাৰ হিচাপে দেখা গৈছিল।
আগন্তুক টি-২০ বিশ্বকাপৰ ধাৰাভাশ্যকাৰীৰ তালিকাত আছে ৰবি শাস্ত্ৰী, হৰ্ষা ভোগলে, সুনীল গাভাস্কাৰ, নাছিৰ হুছেইন, ইয়ান বিচপ, ৰিকি পণ্টিং, মেথিউ হেডেন, গ্ৰেম স্মিথকে ধৰি বহু প্ৰাক্তন ক্ৰিকেটাৰ।
উল্লেখ্য যে ভাৰতৰ হৈ প্ৰায় দুটা দশকৰ ক্ৰিকেট কেৰিয়াৰত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ১০২৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে দীনেশ কাৰ্তিক। ৯৪খন এদিনীয়া মেচত ১৭৫২ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৯টা অৰ্ধশতক অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত ৬০খন মেচত ৬৮৬ ৰাণ সংগ্ৰহ কৰে। IPL কেৰিয়াৰত ২৫৭খন মেচত ৪৮৪২ ৰাণ কৰাৰ লগতে ২২টা অৰ্ধশতক অৰ্জন কৰে।