বিয়াৰ প্ৰস্তাৱ নাকচ কৰাই ‘অপৰাধ’! কুকাণ্ডৰ পিছত কিশোৰীৰ মুখত গৰম লোহাৰে নিজৰ নাম লিখিলে যুৱকে!

0 min read

বিয়াৰ প্ৰস্তাৱত সন্মত নোহোৱা বাবে কিশোৰীক কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱকৰ বিৰুদ্ধে। যুৱকজনৰ পৰিয়ালৰ সদস্যৰ সহায়তে এই ঘৃণনীয় কাম সংঘটিত হোৱাৰ অভিযোগ কিশোৰীৰ। আনকি, কিশোৰীগৰাকীয়ে আৰক্ষীক জনাইছে, যুৱকজনে গৰম লোহাৰে তেওঁৰ মুখত নিজৰ নামো লিখি দিয়ে।

১৭ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি তিনিদিন ধৰি নিজৰ ঘৰত আবদ্ধ কৰি ৰাখে যুৱকজনে। তাতেই কিশোৰীগৰাকীক অপকৰ্ম কৰা হয়। তিনিদিন ধৰি চলে নানা অত্যাচাৰ। তিনিদিন পিছত কোনোমতে সেই ঘৰটোৰ পৰা পলাই আহে কিশোৰীগৰাকী। থানালৈ গৈ যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে কিশোৰীগৰাকীয়ে।
আৰক্ষীক কিশোৰীগৰাকীয়ে জনাইছে, তেওঁ ১৯ এপ্ৰিলত দোকানলৈ গৈছিল। ঘৰলৈ ওভতাৰ পথত যুৱকজনে তেওঁক উঠাই লৈ যায়। নিজৰ ঘৰত আবদ্ধ কৰি ৰাখে তিনিদিন। এই সময়ৰ ভিতৰত তেওঁৰ সৈতে অপকৰ্ম কৰা হয় বুলিও অভিযোগ। কিশোৰীগৰাকীয়ে জনাইছে, লোহা গৰম কৰি যুৱকজনে তেওঁৰ মুখত নিজৰ নাম লিখি দিয়ে। সেই সময়ত কিশোৰীগৰাকীক পিছফালৰ পৰা চেপি ধৰি ৰাখিছিল যুৱকজনৰ মাতৃ আৰু ভগ্নীয়ে।

কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিব পাৰিছে, কিছুদিন পূৰ্বে কিশোৰীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিছিল ২১ বছৰীয়া যুৱকজনে। দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীৰ প্ৰতি নজৰ আছিল যুৱকজনৰ। কিন্তু কিশোৰীগৰাকীয়ে বিয়াৰ প্ৰস্তাৱত সন্মত হোৱা নাছিল। সেই আক্ৰোশৰ বাবেই যুৱকজনে এই কাণ্ড সংঘটিত কৰে বুলি অভিযোগ। সংবাদ মাধ্যমৰ মতে, বৰ্তমান যুৱকজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ঘটনাটো উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিৰ।

You May Also Like

More From Author