ডিমাপুৰত নাইট ক্লাব, পাব নিষিদ্ধ এন এছ চি এন (আই এম)ৰ

1 min read

নগা নাগৰিক সমাজৰ সংগঠনৰ অসংখ্য ৰাজহুৱা অভিযোগ আৰু উদ্বেগৰ প্ৰতি সঁহাৰি জনাই এন এছ চি এন (আই এম)ৰ কেন্দ্ৰীয় শাসিত অঞ্চলে ডিমাপুৰৰ সকলো নাইটক্লাব, পাব, আৰু ডিস্কো তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰে ৷
এই নিৰ্দেশনা বাহাল থাকিব অবিভক্ত ডিমাপুৰ জিলাখনক সামৰি লোৱা ইয়াৰ অধিকাৰক্ষেত্ৰত ৷

এন এছ চি এন (আই এম)ৰ সম্পাদক ছলমন ছুমীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, শেহতীয়াকৈ নাগালেণ্ডৰ বাণিজ্যিক চহৰ অবিভক্ত ডিমাপুৰত গভীৰ নিশা একাংশ কিশোৰ- কিশোৰীৰ লগতে বিবাহিত পুৰুষ আৰু স্থানীয় ব্যৱসায়ী বিভিন্ন অনৈতিক কাৰ্যকলাপৰ লগত জড়িত হোৱা সন্দৰ্ভত কেতবোৰ অভিযোগ উদ্থাপিত হৈছিল ৷

নগালেণ্ডৰ সৰ্বসাধাৰণ জনতা আৰু বিভিন্ন নাগৰিক সংগঠনৰ পৰা ধাৰাবাহিক অভিযোগৰ পৰিপ্ৰেক্ষিতত এন এছ চি এন (আই এম)-এ ডিমাপুৰৰ সকলো নাইটক্লাব, পাব, আৰু ডিস্কো বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

dimapur 2একেদৰে নাইটক্লাব আৰু পাব নিষিদ্ধ কৰাৰ উপৰিও এন এছ চি এন (আই এম)কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰ্যালয়ে ড্ৰাগছ ব্যৱসায় আৰু নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত নিষিদ্ধ দ্ৰব্য বিতৰণৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণীও জাৰি কৰিছে।

ছুমীয়ে বিবৃতিত আৰু উল্লেখ কৰে যে, নগা যুৱক-যুৱতীসকলৰ মাজত শেহতীয়াকৈ ড্ৰাগছ পয়োভৰ যথেষ্ট বৃদ্ধি পাইছে । যাৰবাবে এতিয়াৰ পৰা নিষিদ্ধ দ্ৰব্য বা ড্ৰাগছ সৰবৰাহত ধৰা পৰা সৰবৰাহকাৰীৰ বিৰুদ্ধ কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে ৷

ইতিমধ্যে ,এন এছ চি এন (আই এম) কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰ্যালয়ে নিজৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছে যে কাৰ্যালয়ৰ অধীনস্থ ন্যায়িক অধিকাৰক্ষেত্ৰৰ ভিতৰত যিকোনো অনৈতিক কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব ৷

মনকৰিবলগীয়া যে,বিগত মাৰ্চ মাহত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপিন শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কেৱল আইন প্ৰয়োগেই যথেষ্ট নহয় । ইয়াৰ বাবে সামূহিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন। তেওঁ নাগৰিকসকলক নিচাযুক্ত দ্ৰব্য, ড্ৰাগছ, বা দেশীয়ভাৱে প্ৰস্তুত কৰা সুৰা আৰু বিদেশী সুৰাৰ যিকোনো বিক্ৰী বা বিতৰণৰ খবৰ আৰক্ষীক দিবলৈ আহ্বান জনাইছিল।

You May Also Like

More From Author