নিউজ ব্যুৰ’,নগাঁও,৫জুলাই :- নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনৰ চামগুৰি পক্ষীতীৰ্থ বিলত কলং নদী আৰু বৰষুণৰ পানী সোমোৱাৰ ফলত বিলখনত থকা মাছ কলং নদীৰ লগতে কৃষি পথাৰলৈ ওলাই যোৱাত বিলখনৰ মহলদাৰৰ লগতে মৎস্যজীৱিসকল বৰ্তমান দিশহাৰা হৈ পৰিছে ৷ জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ লগতে দিজু নদীৰ পানী কলং নদীত পৰাত বৰ্তমান কলং নদী ফেনেফুটুকাৰে বাঢ়ি চামগুৰি বিলত পানী সোমাই ৷ কলিয়াবৰৰ হাতীমূৰা মথাউৰি ভাগি হোৰাহোৰে ব্ৰহ্মপুত্ৰৰ পানী কলং নদীত সোমোৱাৰ ফলত বিলৰখনৰ লগত কলং নদীৰ পানী একাকাৰ হয় ৷ লগতে বিলখনৰ ভেটা আৰু বান্ধ ভাঙি যায় ৷ ফলত মহলদাৰে বিলখনত দিয়া মাছ কলং নদীৰ লগতে সমীপৰ কৃষি পথাৰলৈ ওলাই যায় বুলি মৎস্যজীৱিসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ বিলখনত বাঢ়নীপানী সোমোৱাৰ ফলত মাছসমূহ কলং নদীৰ লগতে কৃষি পথাৰলৈ ওলাই যোৱাত বৰ্তমান বিলখনৰ মহলদাৰজন দিশহাৰা হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত বিলখন সংৰক্ষিত কৰাৰ লগতে মাছ বিলখনৰ পৰা কলং নদীৰ লগতে কৃষি পথাৰলৈ ওলাই যোৱাত বিভাগীয়ভাৱে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়ত হে লক্ষণীয় হ’ব বুলি স্থানীয় সচেতনমহলে মত প্ৰকাশ কৰিছে ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও