বাংলাদেশত ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সম্ভাৱনা!

1 min read

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতেই আহিছে আন এক খবৰ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনত এইবাৰ অৰ্থনৈতিক সংকটৰ সম্ভাৱনা দেখা গৈছে। ক্ৰমাৎ অৱনতি ঘটিছে বাংলাদেশৰ পৰিস্থিতি। শান্তিৰ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছে হিংসা-প্ৰতিহিংসা, ৰাজনৈতিক উত্থান-পতনৰ মাজতে দেশখনৰ দায়িত্ব লৈছে যদিও পৰিস্থিতি চম্ভালিবলৈ তেওঁৰ বাবে কঠিন হ’ব পাৰে।

বাংলাদেশৰ শেহতীয়া খবৰ অনুসৰি দেশখনৰ অৰ্থনীতিলৈ আহি পৰিছে বিশেষ ভাবুকি। অতি শেহতীয়াকৈ দেশখনৰ অৰ্থনৈতিক দিশটোৰ হৈছে দ্ৰুত অৱনতি। বহুতো এটিএম খালী হৈ পৰাৰ লগতে দেশখনত দেখা দিছে নগদ ধনৰ সংকটে, যাৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন।

You May Also Like

More From Author