30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

গুৱাহাটীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰল পাম্প

Assamese Newsগুৱাহাটীত ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰল পাম্প

কাইলৈ পুৱা ৫ বজাৰ পৰা ১৪ মে’ৰ পুৱা ৫ বজালৈ গুৱাহাটীৰ পেট্র’ল পাম্পসমূহ বন্ধ থাকিব৷ এই বন্ধৰ আহ্বান জনাইছে নর্থ ইষ্ট ইণ্ডিয়া পেট্রোলিয়াম ডিলার্ছ এছ’চিয়েছনৰ গ্রেটাৰ গুৱাহাটী ইউনিটে৷ এছ’চিয়েছনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয় যে বিগত ৩–৪ বছৰ ধৰি অইল কোম্পানীসমূহে পৰিবহণকাৰী সন্থা আৰু মজদুৰ ইউনিয়নৰ লগত গোপন বুজাবুজি কৰি বে–আইনীভাৱে ব্যৱসায় চলাই আহিছে৷ পেট্র’ল পাম্পসমূহৰ স্বত্বাধিকাৰীয়ে তেল কোম্পানীসমূহক প্রদান কৰা ধনৰ বিপৰীতে কোম্পানীসমূহে কমকৈ তেল ডিলাৰসমূহক যোগান ধৰি আহিছে৷ বিগত কেইবাবছৰ ধৰি এই সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আহিছে৷ এছ’চিয়েছনৰ অভিযোগৰ ভিত্তিত এই সমস্যা সমাধানৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্ত, তেল কোম্পানী আৰু এছ’চিয়েছনৰ সৈতে আলোচনা হৈছিল যদিও আজিপর্যন্ত সমস্যাটো সমাধান নহ’ল৷ সেয়েহে নর্থ ইষ্ট ইণ্ডিয়া পেট্রোলিয়াম ডিলার্ছ এছ’চিয়েছনে এই বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। যদিহে ১৫ মে’ৰ ভিতৰত তেল কোম্পানীসমূহে এছ’চিয়েছনৰ দাবী মানি নলয় তেন্তে ১৬ মে’ৰ পৰা অনির্দিষ্টকালৰ বাবে পেট্র’ল পাম্পসমূহ বন্ধ ৰখাৰ হুংকাৰ দিয়ে এছচিয়েচনে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!