গাজীমগুৰ উপকাৰৰ বিষয়ে জানো আহক…

গাজীমগুৰ উপকাৰৰ বিষয়ে জানো আহক…

আমাৰ অসমীয়া সমাজত মগুমাহৰ ব্যৱহাৰ সৰ্বাধিক পৰিমাণে হোৱা দেখা যায়। গোটা মগুমাহ কেইঘন্টামান তিয়াই থলে কোমল হয় আৰু এই কোমল মগুমাহ খৰাহী এটা টুকি ৰাখিলে এদিনৰ পিছত গজালি ওলাই আৰু ইয়াক গাজীমগু বুলি কোৱা হয়। এজন ব্যক্তিয়ে ৫০ গ্ৰাম গাজী মগু খালে নিৰোগী হোৱাৰ উপৰিও বাৰ্ধক্য চাপৰ পৰা ৰক্ষা পৰে।

গাজীমগুৰ উপকাৰৰ বিষয়ে জানো আহক-

১/ গাজীমগুত আহ, শৰ্কৰা, ভিটামিন-ই, প্ৰ’টিন আদি ভালেইমান পোষক দ্ৰব্য থাকে সেইবাবে ই আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।

২/ গাজীমগু খালে উচ্চ ৰক্তচাপ কমাই আৰু ই ব্যক্তিক স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

৩/ গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হয় আৰু চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। তাৰোপৰি ই আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ কৰি ৰাখে।

৪/ গাজীমগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন হোৱাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমাৰ দেহৰ ৰোগ নিৰাময় ক্ষমতা বৃদ্ধি কৰে আৰু ই আমাক নিৰোগী কৰি ৰাখিব পাৰে।

৫/ মেদবহুলতাত ভুগা ব্যক্তিয়ে গাজীমগু খালে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়। আৰু ইয়াত যথেষ্ঠ পৰিমাণে আহ থকা বাবে ভোক গুছায়।

GTM Desk

Related