fbpx
September 30, 2021

কথমপি প্রাণৰক্ষা পৰিল ৩ যুৱতী–কিশোৰীৰ

নৰবলিৰ এক শিহৰণকাৰী পৰিকল্পনা কার্যকৰী হোৱাৰ পূর্বেই জনচক্ষুলৈ অহাত সৌভাগ্যক্রমে প্রাণৰক্ষা পৰে তিনি যুৱতী–কিশোৰীৰ৷ এই ভয়ানক কাণ্ডৰ পৰিকল্পনা ৰচনা হৈছিল নাহৰকটীয়াৰ চাচনী মৌজাৰ প্রান্তীয় গাঁও দুই নং টিংৰাইত৷ ইফালে ঘটনা সংক্রান্তত আৰক্ষীয়ে এইপর্যন্ত গ্রেপ্তাৰ কৰিছে একেটা পৰিয়ালৰে চাৰিজনকৈ সদস্যক৷

উল্লেখ্য যে অন্ধবিশ্বাসৰ পৰিণতিত মাত্র কিছু দিন পূর্বে সোণাৰি থানাৰ অন্তর্গত এখন চাহ বাগিচাত নিজৰ সন্তানকে বলি দিয়াৰ বিভৎস ঘটনা সংঘটিত হৈছিল৷ শেহতীয়াকৈ চাচনীৰ দৰে গ্রাম্যপ্রধান এলেকাতো এনে ধৰণৰ প্রৱণতাই দেখা দিয়াত স্বাভাৱিকতে হতচকিত কৰিছে স্থানীয় বাসিন্দাসকলক৷ বাতৰি অনুসৰি গাঁওখনৰ দেৱকান্ত হাজৰিকাৰ বাসগৃহত তেওঁৰ পত্নী টুটুমণি হাজৰিকাই নিজৰ শৰীৰত ‘আই’ লম্ভাৰ ব্যাপক প্রচাৰেৰে বিভিন্ন ধৰণৰ পূজা–পাতলত দীর্ঘসময়ৰ পৰা জডিত হৈ আছিল৷ স্বামী আৰু দুই পুত্র মিণ্টু তথা দেৱজিতৰ সহযোগত ‘আই’ৰ গইনা লৈ সাধাৰণ ৰাইজক বশীভূত কৰি মন্দিৰ নির্মাণৰো পাং পাতিছিল পৰিয়ালটোৱে৷ ৰাইজে অভিযোগ কৰা অনুসৰি তন্ত্র–মন্ত্রৰ বলতে গাঁওখনৰ এচাম লোকক নিজৰ প্রভাৱাধীন কৰি তুলিছিল বিতর্কিত পৰিয়ালটোৱে৷

উল্লেখ্য যে সোমবাৰে নিশা পৰিয়ালটোৱে স্থাপন কৰা আৰু এতিয়াও নির্মাণ সম্পূর্ণ হৈ নুঠা মন্দিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছিল৷ ভাগৱত পাঠৰ ওৰ পৰাৰ লগে লগে কালি গাঁওখনৰ এগৰাকী কিশোৰী সন্ধানহীন হৈ থকাৰ কথাটোত স্থানীয় ৰাইজৰ সন্দেহ হয়৷ ইফালে বিতর্কিত পৰিয়ালটোৱে ক্ষৌৰ কর্মৰ বাবে এজনক মাতি অনা ৰাইজে প্রত্যক্ষ কৰাত উক্ত লোকজনে মুণ্ডন কৰিবলৈ আহিছোঁ বুলি জনোৱাত ৰাইজে ক্ষৌৰকর্মৰ সামগ্রী জব্দ কৰে৷ একে সময়তে নির্মীয়মাণ মন্দিৰটোত তালাচী চলোৱাত উক্ত স্থানত হাত–ভৰি বান্ধি থোৱা অৱস্থাত সন্ধানহীন কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অচেতন অৱস্থাত আন দুগৰাকী যুৱতীকো প্রত্যক্ষ কৰে৷ স্থানীয় ৰাইজে এয়া একমুখেই নৰবলিৰ পৰিকল্পনা বুলি সদৰী কৰিছে৷

ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিতর্কিত পৰিয়ালটোৰ চাৰিওগৰাকী সদস্যকে গ্রেপ্তাৰ কৰাৰ উপৰি নাহৰকটীয়া থানাত ১৭১/২১ নম্বৰৰ গোচৰ ৰুজু কৰে৷ ইতিমধ্যে জেৰা অব্যাহত ৰখা আৰক্ষীৰ উপ–ধীক্ষক নৱ কুমাৰ বৰাই সংবাদ মাধ্যমৰ সন্মুখত সমগ্র বিষয়টোত নৰবলিৰ পৰিকল্পনা জডিত হৈ থকা নাই বুলিহে উল্লেখ কৰে৷ অৱশ্যে আৰক্ষীয়ে বিতর্কিত পৰিয়ালটোৰ বাসগৃহৰ পৰা ১ কেজি ৭০০ গ্রাম ভাং জব্দ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে ধৃত দেৱকান্ত হাজৰিকাৰ বাসগৃহটো অন্ধবিশ্বাস আৰু স্থানীয় অনুন্নত এলেকাৰ ৰাইজৰ সচেতনতাৰ অভাৱত অসামাজিক কর্মকাণ্ডৰ ঘাটিস্বৰূপ হৈ পৰিছিল সেয়া বিভিন্নজনে উল্লেখ কৰিছে৷

error: Content is protected !!
%d bloggers like this: