fbpx
September 30, 2021

মিনি দিছপুৰলৈ পৰিণত ধেমাজি : জিলাখনলৈ ৪৩৩ কোটি বিশেষ পেকেজ

ধেমাজি জিলাখন আজি এক মিনি দিছপুৰলৈ পৰিণত হ’ল ৷ অসমৰ মুখ্যমন্ত্ৰী সহ বিভিন্ন বিভাগৰ মন্ত্ৰী সকল উপস্থিত হ’ল ধেমাজিত ৷অসম চৰকাৰৰ জিলা ভিওিক কেবিনেট বৈঠকখনি আজি ধেমাজি জিলাৰ উপায়ুক্ত সভাকক্ষত অনুস্ঠিত হয় ৷ কেবিনেটৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল জৰিয়তে আজি অনুস্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত সমুহ আলোকপাত কৰে ৷ অসম চৰকাৰৰ কেবিনেট বৈঠকে লোৱা সিদ্ধান্ত সমুহ ভিতৰত আছে  ৷ ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়টো এটা ইণ্টিগ্ৰেটেড উপায়ুক্তৰ কাৰ্যালয় হিচাপে কৰাৰ বাবে ৫০ কোটি টকা কেবিনেটে অনুমোদন দিছে ৷

ধেমাজিত এখন উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি অনুমোদন টকা দিয়া হৈছে ৷ জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ কৰাৰ বাবে ১৮৩ কোটি অনুমোদন  দিয়া হৈছে ৷ বান নিয়ন্ত্ৰণৰ বাবে ধেমাজিৰ বাবে ১৫০ কোটি টকা অনুমোদন দিয়া হৈছে ৷ ইয়াক লৈ আজি কেবিনেটে সৰ্ব্বমূঠ ৪৩৩ কোটি টকাৰ পেকেজ ধেমাজি জিলাখনৰ বাবে অনুমোদন জনাই ৷

ইয়াৰোপৰি ধেমাজি মেডিকেল কলেজৰ ভুমি অধিগ্ৰহণ প্ৰক্ৰিয়াটো এতিয়াৰ পৰা আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন জনাই ৷ ইপিনে কেবিনেট বৈঠকৰ পিছতে ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা মুখ্যমন্ত্ৰী ওলাই আহোতে ৰাইজে তেওঁক ঘেৰি ধৰি কান্দি – কান্দি তেওঁলোকৰ  বিভিন্ন সমস্যা সমাধানৰ বাবে  আহ্বান জনাই ৷ ৰাইজক বাধা দিবলৈ অহা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক ধমক দিয়ে মুখ্যমন্ত্ৰীৰ ৷

কেবিনেটৰ পূৰ্বে কেইবাখনো আঁচনি শুভ উদ্বোধন:
কেবিনেট বৈঠকৰ প্ৰাৰ্ক মূহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ  কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷  পুৱা ৯ বজাত ধেমাজি বাটঘৰীয়াত  অংগনবাৰ্দী কেন্দ্ৰটো মুকলি কৰি  কেন্দ্ৰটোৰ উন্নয়নৰ বাবে অসম চৰকাৰ ফালৰ ২৫ লাখ টকা ঘোষণা কৰে ৷ বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰ্দাপণ কৰি বিদ্যালয় -খনৰ শ্ৰেণী কোঠা উন্নতি কৰা , বাটঘৰীয়া ক্ৰীড়া প্ৰকল্পত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে ৷ ক্ৰীড়া প্ৰকল্পটোৰ বাবে আৰু দহ লাখ টকাৰ দিয়াৰ বিষয়ে উল্লেখ কৰি অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা মাহে তিনি লাখ টকা দিয়াৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাছতে
বেঙেনাগড়া কঠালগুৰি পথৰ ফাতিহা বৰডুবি জানৰ ওপৰত নৱনিৰ্মীত পকী দলং  , দুসুঁতিমুখ কাইটং সংযোগী বৰুৱাঘাটৰ পকী দলং  আৰু বটুৱা পৰা ৰাংকুপ পথৰ বটুৱা নদীৰ ওপৰত নৱনিৰ্মীত পকী দলং আনুষ্ঠানিকভাৱে মুকলি  কৰে ৷ মুখ্যমন্ত্ৰীৰ সৈতে  শিক্ষামন্ত্ৰী  ডা: ৰণোজ পেগু , লক্ষীপুৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু উপস্থিত থাকে ৷

error: Content is protected !!
%d bloggers like this: