22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

পুনৰ নিযুক্তি প্ৰদান কৰা হ’ব ৪০,০০০ পদত!

Assamese Newsপুনৰ নিযুক্তি প্ৰদান কৰা হ'ব ৪০,০০০ পদত!

পুনৰ ওলাব চাকৰি। অতি শীঘ্ৰই ৪০ হেজাৰ পদত নিযুক্তি দিয়া হ’ব বুলি মঙলবাৰে বিধানসভাত ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। অসম বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা তেওঁ কয় যে, এতিয়ালৈকে ৪১ হেজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিছে চৰকাৰে।

পুনৰ আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। অহা ১০ ৰ পৰা ২০ মেৰ ভিতৰত ৪০ হেজাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব। উল্লেখ্য যে. ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে সোধা এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে বিত্ত মন্ত্ৰী গৰাকীয়ে।

লগতে কয় যে, চৰকাৰে ঘোষিত ১ লাখ নিবনুৱা নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে। নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছতে পৰ্যায়ক্ৰমে নিয়োগৰ ব্যৱস্থা কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!