ACS পদত নিযুক্ত নহ’ল এইবাৰৰ APSCত ৩০তম স্থান পোৱা প্ৰিয়ংকা বৰুৱা!

ACS পদত নিযুক্ত নহ’ল এইবাৰৰ APSCত ৩০তম স্থান পোৱা প্ৰিয়ংকা বৰুৱা!

APSCৰ ২০২২ বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ তালিকা প্ৰকাশ পোৱাৰ পাছতেই এগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰীক্ষাৰ ফলাফল তালিকাত ACSৰ ৩০ সংখ্যক স্থানত প্ৰিয়ংকা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে বাছনি লাভ কৰিছিল। কিন্তু ফলাফল প্ৰকাশৰ পাছতেই প্ৰিয়ংকাৰ বিৰুদ্ধে নিজৰ কলংকিত অধ্যায় আন্ধাৰত ৰাখি APSCৰ পৰীক্ষা দি ACS পদ লাভ কৰাৰ অভিযোগ উত্থাপন হয়। বেংক জালিয়াতি কৰি চাকৰি হেৰুওৱা প্ৰিয়ংকাই APSC পৰীক্ষা দিয়াৰ অভিযোগ উত্থাপন হৈছিল। অসম গ্ৰামীণ বিকাশ বেংকত ধন জালিয়াতি কৰা প্ৰিয়ংকা বৰুৱাই অৱশেষত ACS পদত নিযুক্ত নহ’ল। পৰীক্ষাত উত্তীৰ্ণ হ’লেও আৰক্ষীৰ ভেৰিফিকেচনত প্ৰিয়ংকা বৰুৱা সফল নহ’ল আৰু নিযুক্তিৰ তালিকাত প্ৰিয়ংকাৰ বাচনি নহ’ল।

উল্লেখ্য যে, অসম গ্ৰামীণ বিকাশ বেংকত ৩৪ লাখ টকীয়া কেলেংকাৰি সংঘটিত কৰাৰ অপৰাধত প্ৰিয়ংকাই পূৰ্বতে চাকৰি হেৰুৱাইছিল আৰু কাৰাবাসো খাটিব লগা হৈছিল। চান্দমাৰি থানাত ৰুজু হোৱা ১৪২/২২ নম্বৰৰ গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা প্ৰিয়ংকাই কিন্তু এই সকলো তথ্য লুকুৱাই APSC পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয় আৰু ACS পদ লাভ কৰে। যিহেতু নিয়ম অনুসৰি APSC পৰীক্ষাত চৰকাৰী বা ৰাজহুৱা খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে চাকৰি কৰি থাকিলে বিভাগীয় অনুমতি পত্ৰ দাখিল কৰিব লাগে। প্ৰিয়ংকাই বেংক জালিয়াতিৰ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ কথাও APSCৰ পৰীক্ষাৰ নথিত অন্তৰ্ভুক্ত কৰা নাছিল। সেই বাবেই প্ৰিয়ংকা বৰুৱাক এতিয়া ACS চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে।

GTM Desk

Related