উৰুকাৰ দিনাই সন্ধানহীন বেলতলাৰ ১৪ বছৰীয়া কিশোৰী…

উৰুকাৰ দিনাই সন্ধানহীন বেলতলাৰ ১৪ বছৰীয়া কিশোৰী…

চৌদিশে ভোগালী বিহুৰ আনন্দত সকলো মতলিয়া হৈ থকাৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। উৰুকাৰ দিনাই নিৰুদ্দিষ্ট হৈছে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী।

উল্লেখ্য যে, দেওবাৰে উৰুকাৰ দিনাই দীপিকা ৰাউট নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী নিৰুদ্দিষ্ট হৈ আছে। এই ঘটনাক কেন্দ্ৰ কৰি বেলতলাৰ বাক্ৰাপাৰা অঞ্চলত চাঞ্চল্য সৃষ্টি হৈছে।

চি কে একাডেমীৰ ছাত্ৰী দীপিকাৰ নিৰুদ্দিষ্ট হোৱা ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়েও পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।

পৰিয়াল তথা স্থানীয় লোকে ছাত্ৰীগৰাকীৰ শীঘ্ৰেই সন্ধান উলিয়াব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

GTM Desk

Related