Advertisement

শনিৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ শনিবাৰে এই কামকেইটা কেতিয়াও নকৰিব

শনিৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ শনিবাৰে এই কামকেইটা কেতিয়াও নকৰিব

শনিবাৰ দিনটো ভগৱান শনিক উৎসৰ্গা কৰি তেওঁক উপাসনা কৰা হয়। জ্যোতিষশাস্ত্ৰত শনিক পাপী আৰু নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়।শনিৰ অশুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিৰ জীৱন বেয়াকৈ প্ৰভাৱিত হ’ব পাৰে। জ্যোতিষীয় গণনা অনুসৰি, প্ৰতিজন ব্যক্তিৰ জীৱনত কমেও এবাৰ শনিৰ প্ৰভাৱ পৰে। যাৰ ফলত সেই বিশেষ ব্যক্তিজনে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।ইতিমধ্যে শনিৰ প্ৰভাৱ পৰা লোকসকলৰ লগতে আন লোকসকলেও শনিৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ শনিবাৰৰ দিনটোত কেতবোৰ কাম কৰিব নালাগে। আজি সেই বিষয়ে জানো আহক-

সৰিয়হ তেল কিনিব নালাগে

বিশ্বাস অনুসৰি, শনিবাৰে সৰিয়হৰ তেল ক্ৰয় কৰিব নালাগে। এনে কৰাটো অশুভ। আনহাতে, শনিবাৰে শনি দেৱক সৰিয়হৰ তেলৰে অভিষিক্ত কৰিব লাগে।সেয়েহে এই দিনটো সৰিয়হৰ তেল দান কৰাটো শুভ বুলি বিবেচনা কৰা হয়।

ক’লা তিল কিনিব নালাগে

শনিবাৰে ক’লা তিল দান কৰিব লাগে। ক’লা তিল দান কৰাটো শুভ। কিন্তু এই দিনটোত ক’লা তিল কিনিব নালাগে।

লো কিনিব নালাগে

শনিবাৰে লো বা লোৰে তৈয়াৰ কৰা বস্তু ক্ৰয় কৰিব নালাগে। এই দিনটোত লোৰে তৈয়াৰ কৰা বস্তু দান কৰাটোহে শুভ বুলি গণ্য কৰা হয়।

কোনো ব্যক্তিক অপমান নকৰিব

কেতিয়াও কাকো কোনেও অপমান কৰা উচিত নহয়। শনি দেৱে আনক অপমান কৰা সকলৰ প্ৰতি অসন্তুষ্ট হৈ পৰে।সদায় সকলোৰে প্ৰতি মনত ভাল ভাৱ ৰাখিব লাগে আৰু সকলোকে মৰম-শ্ৰদ্ধা কৰিব লাগে।

মাংস আৰু সুৰা সেৱন নকৰিব

শনিবাৰে মাংস আৰু সুৰা সেৱন কৰিব নালাগে। ধৰ্মীয় বিশ্বাস অনুসৰি, শনিয়ে এনে কৰা লোকসকলৰ ওপৰত এক অশুভ প্ৰভাৱ পেলায়।

বি. দ্ৰ- আমি উল্লেখ কৰা তথ্যৰ ভিত্তিত কোনোয়ে নিৰ্দিষ্ট দাবী কৰিব নোৱাৰো। অধিক তথ্যৰ বাবে প্ৰাসঙ্গিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Shahnawaz Hamza

Related