Advertisement

আজি শনিবাৰ, শনি দেৱতাক অৰ্পণ কৰক এই ফুল আৰু পাত, অন্ত পৰিব দুখ–কষ্টৰ!

আজি শনিবাৰ, শনি দেৱতাক অৰ্পণ কৰক এই ফুল আৰু পাত, অন্ত পৰিব দুখ–কষ্টৰ!

আজি শনিবাৰে ন্যায়ৰ দেৱতা শনিদেৱস সন্তুষ্ট কৰিলে দূৰ হয় দুখ–কষ্ট। শনিদেৱক নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়, কিন্তু আপুনি জনা উচিত যে শনি মহাৰাজে মানুহক প্ৰতাৰণা নকৰে। মানুহে যেনে কৰ্ম কৰে, তেনে ফল দিয়ে শনিদেৱে। যদি আপুনি বেয়া কৰ্ম কৰিছে তেন্তে তাৰ ফল ভুগিব লাগিব। কোৱা হয় যে শনিদেৱে কৰা কামৰ হিচাপ কৰে। যদি আপুনি শনিদেৱক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে সপ্তাহৰ শনিবাৰটো ইয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ দিন। শনিবাৰে পূজাৰ সময়ত যদি আপুনি শনিদেৱক তেওঁৰ প্ৰিয় ফুল আৰু পাত অৰ্পণ কৰে তেন্তে তেওঁৰ কৃপা প্ৰাপ্ত হয়। ইয়াৰ ফলত দুখ–কষ্ট দূৰ হ’ব পাৰে।

শনিদেৱৰ প্ৰিয় ফুল আৰু পাত

কাশীৰ জ্যোতিষাচাৰ্য চক্ৰপাণি ভট্টৰ মতে, শনিদেৱৰ আকনৰ ফুল বহুত প্ৰিয়। ইয়াৰ উপৰি শনিদেৱৰ প্ৰিয় গছ ছামী (shami plant)। যদি আপুনি শনিবাৰে পূজাত এই দুবিধ সামগ্ৰী আগবঢ়ায় তেন্তে নোহোৱা কাম হৈ উঠিব।

শনিদেৱক আগবঢ়াওক আকনৰ ফুল

জ্যোতিষ শাস্ত্ৰ মতে, শনিদেৱক আকনৰ ফুল আগবঢ়ালে কষ্টৰ পৰা মুক্তি পোৱা যায়। ভগৱান শিৱৰ পূজাতো আকনৰ ফুল অৰ্পণ কৰা হয়। যেতিয়া আপুনি আকনৰ ফুল চিঙিবলৈ যাব তেতিয়া অলপ সাৱধান হ’ব, কিয়নো সেই ফুল চিঙিলে গছৰ পৰা বগা এঠাজাতীয় পদাৰ্থ ওলাই যিটো চকুৰ বাবে হানিকাৰক বুলি কোৱা হয়। মনত ৰাখিব এই ফুল চিঙাৰ পিছত ভালদৰে হাত ধুব।

শনিদেৱক অৰ্পণ কৰে ছামীৰ পাত (shami plant)

শনিদেৱৰ প্ৰিয় গছ ছামী। পূজাৰ সময়ত শনি মহাৰাজক ছামীৰ পাত, ছামীৰ ফুল, শিপা আৰু ফল আগবঢ়োৱা হয়। ইয়াৰ ফলত শনিদেৱৰ আশীৰ্বাদ প্ৰাপ্ত হয়। দুখ দূৰ হয় আৰু ধন সংকট নাইকীয়া হয়। ছামীৰ গছত পানী ঢালিলে আৰু তাৰ তলত বন্তি জ্বলালে শনিদেৱ সন্তুষ্ট হয়।

বিজ্ঞাপন

শনিবাৰৰ দিনত লগাওক ছামী গছ

শনিবাৰৰ দিনটোত আপুনি ঘৰত ছামী গছৰ পুলি লগাব পাৰে। ছামীক দেৱবৃক্ষ বুলি কোৱা হয়। ইয়াক লগোৱাৰ নিয়ম আছে, এই নিয়ম পালন কৰা প্ৰয়োজন, তেতিয়াহে লাভ হ’ব। ছামীৰ পুলি ৰুলে এই কথা মনত ৰাখিব যে দৈনিক ইয়াৰ যতন লওক। নিয়মিত পানী দিয়ক। শনিবাৰে পূজা কৰক আৰু বন্তি জ্বলাওক। আপোনাৰ ওপৰত শনিদেৱৰ কৃপাদৃষ্টি থাকিব।

Shahnawaz Hamza

Related