Advertisement

পথাৰো আমাৰ, বজাৰো আমাৰ এই লক্ষ্য আগত ৰাখি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন

পথাৰো আমাৰ, বজাৰো আমাৰ এই লক্ষ্য আগত ৰাখি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন

পথাৰো আমাৰ, বজাৰো আমাৰ এই লক্ষ্য আগত ৰাখি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে ৰানী মৈৰাপুৰ মাজপাৰা গাওৰ প্ৰতিভা দাস৷ কথাৰে নহয় কামেৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে প্ৰতিভা দাস। হয় পশ্চিম গুৱাহাটী সমষ্টিৰ মৈৰাপুৰ মাজপাৰা গাওৰ মহিলাই কাঠফুলা খেতি কৰি আৰ্থিক ভাৱে লাভান্বিত হৈছে ৰানী মৈৰাপুৰ গাওৰ প্ৰতিভা দাস ।

একে ৰাহে কেবাবছৰ ধৰি কাঠফুলাৰ খেতী কৰি পৰিয়াল চলাই আহিছে মহিলা গৰাকীয়ে। মাছৰুম খেতিৰ কাৰণে উন্নতমানৰ বীজ কাহিকুছী কৃষি বিজ্ঞান কেন্দ্রৰ আৰু খানাপাৰ কৃষি বিভাগৰ পৰা লাভ কৰি এনেকৈয়ে নিজৰ ঘৰত নিজাববীয়াকৈ আৰম্ভ কৰিছে এই কাঠফুলাৰ খেতী। ইফালে প্ৰতিভা দাসে জানিবলৈ দিয়ে যে যোৱাবছৰ প্ৰায় ১০০ৰ অধিক কি:লো কাঠফুলা বিভিন্ন বজাৰ বিভিন্ন ঠাইত কি:লো: ২০০ টকাত বিক্রি কৰি আহিছে।বৰ্তমান বজাৰত কাঠফুলাৰ যথেষ্ঠ চাহিদা আছে যদিও সেই অনুসৰি তেওঁ উৎপাদন কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে। ইফালে দুখৰ বিষয় যে ১০ বছৰ পূৰ্বে প্ৰতিভা দাসৰ স্বামী দিগন্ত দাস এটা দুৰ্ঘটনাত এখন ভৰি নাইকীয়া হয়। তাৰপিছত তিনটা পৰিয়ালৰ একমাত্র পোহপাল দি আহিছে প্ৰতিভা দাসে।

Shahnawaz Hamza