শীঘ্রে হ’ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ৯০ শতাংশ কাম সম্পন্ন

ৰাজ্যত ছয় জনগোষ্ঠীলৈ সুখবৰ কঢ়িয়াই অচিৰেই জনজাতিকৰণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ কথা প্রকাশ কৰিে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি ছেৰফাংগুৰিৰ কলবাৰীত অনুষ্ঠিত আক্রাছুৰ কেন্দ্রীয় শ্বহীদ দিৱসত উপস্থিত থাকি এই কথা ঘোষণা কৰিলে মন্ত্রীগৰাকীয়ে৷ শ্বহীদ দিৱস অনুষ্ঠানত ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে জনজাতিকৰণ সন্দর্ভত কয়– জনজাতিকৰণ এক জটিল বিষয় আৰু দীঘলীয়া আলোচনাৰ পাছত এই প্রক্রিয়া আগবঢ়াই লৈ যাবলৈ আমি সক্ষম হৈছোঁ৷ প্রতিটো জনজাতীয় মূল সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত শীঘ্রেই হ’ব জনজাতিকৰণ৷ এই প্রক্রিয়াৰ ক্ষেত্রত ইতিমধ্যে সম্পূর্ণ হৈছে ৯০ শতাংশ কাম৷ কোচ ৰাজবংশীৰ জনজাতিকৰণ সন্দর্ভতো মন্ত্রীগৰাকীৰ মন্তব্য– এই সংগ্রামখন অতি সোনকালে শেষ হ’ব, তাক মই আশা কৰোঁ, বিশ্বাস কৰোঁ৷ কোচ ৰাজবংশীসকলে নিজৰ ন্যায় পোৱাটো মই অন্তৰেৰে বিশ্বাস কৰোঁ৷

ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কোচ ৰাজবংশীসকলক একত্রিত হৈ থাকিবলৈ আহ্বান জনাই কয়– ঐতিহাসিক কমতাপুৰৰ ভূমি এক বিশেষ সম্প্রদায়ৰ ওচৰত কোনো কাৰণতে আপোনালোকে বিক্রী নকৰিব৷ এই বিশেষ সম্প্রদায়ে ছলে–বলে–কৌশলে সেই কমতাপুৰৰ ভূমিতেই কোচ ৰাজবংশীক সংখ্যালঘুত পৰিণত কৰিব৷ আক্রাছুৰ নেতৃবর্গক একত্রিত হ’বলৈ আহ্বান জনাই মন্ত্রীগৰাকীয়ে কয় যে মহাৰাজ নৰনাৰায়ণ কোচ আৰু বীৰ চিলাৰায়ে দেখুৱাই যোৱা পথেৰেই খোজকাঢ়ি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিশ্ব দৰবাৰত প্রতিষ্ঠা হ’ব লাগিব৷ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা এলেকাত কোচ ৰাজবংশী জনগোষ্ঠী ক্রমান্বয়ে সংখ্যালঘুত পৰিণত হৈছে৷ সেয়েহে আক্রাছুৰ উদ্যোগত এক বিশেষ সম্প্রদায়ক মাটি–বাৰী বিক্রী নকৰাৰ বাবে জাতীয় আন্দোলন হ’ব লাগে৷ এশ বছৰ পূর্বে দক্ষিণ শালমাৰাৰ দৰে অঞ্চলবোৰত কোচ ৰাজবংশীৰ আধিপত্য আছিল৷ কিন্তু এতিয়া এই অঞ্চলতেই সংখ্যালঘুত পৰিণত হৈছে কোচ ৰাজবংশী৷ তেওঁ কয়– বড়ো, ৰাভা, বামুণ, কলিতা, কার্বি, ডিমাচা আদি আমাৰ শত্রু নহয়৷ বৰং যিসকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশীসকলে সংখ্যালঘুত পৰিণত হৈছে, সেইসকলহে আমাৰ শত্রু৷ ৰাজনৈতিক কাৰণতেই কোচ ৰাজবংশীসকলে সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত আজি বহু দূৰ পিছুৱাই গ’ল৷ কমতাপুৰ ৰাজ্যৰ সপোন লৈ যুৱক–যুৱতীসকলে আন্দোলনৰ মাজেৰে জাতিটোক আগুৱাই নিয়াৰ বাবে এতিয়াও আপ্রাণ চেষ্টা চলাই আছে৷ চৰকাৰে কোচ ৰাজবংশীসকলৰ এই অনুভৱক সন্মান কৰে৷ যাৰ বাবে আক্রাছুকে ধৰি জাতিটোৰ বিভিন্ন সংগঠনে দাবী কৰাৰ পূর্বেই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্রস্তাৱ দিয়া হৈছিল৷ এই প্রস্তাৱ অহা ৩০ দিনৰ ভিতৰতেই চৰকাৰে কার্যকৰী কৰিব৷ আগন্তুক দিনত কোচ ৰাজবংশী জাতিটোৰ উন্নয়নৰ বাবে সকলোৱে দায়িত্ব ল’ব লাগিব৷

ইফালে, বিটিচি প্রসংগত মন্ত্রীগৰাকীয়ে কয়– বিটিআৰত কোন থাকিব, কোন নাথাকিব, সেয়া এবাৰ গণতান্ত্রিকভাৱে সিদ্ধান্ত হওক৷ মন্ত্রীগৰাকীয়ে কোচ ৰাজবংশীসকলৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রত বিশেষ সুবিধা প্রদানৰ কথা উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে কোচ ৰাজবংশীসকলৰ বাবে ৯খনকৈ আসন সংৰক্ষিত কৰি ৰাখিছে৷ অহাবর্ষত এই আসনৰ সংখ্যা ১৫খনলৈ বৃদ্ধি কৰা হ’ব৷ অভিযান্ত্রিক, পলিটেকনিক আৰু কৃষি বিশ্ববিদ্যালয়তো কোচ ৰাজবংশীসকলৰ বাবে আসন সংৰক্ষিত কৰা হ’ব৷ আনহাতে, কম দিনৰ ভিতৰতে বীৰ চিলাৰায় বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে অচিৰেই স্থাপন কৰা হ’ব এখন মহিলা মহাবিদ্যালয়৷

উল্লেখ্য এই অনুষ্ঠানতে কমতাপুৰ ৰাজ্য গঠনৰ দাবীত চলা আন্দোলনত শ্বহীদ হোৱা ১১গৰাকী শ্বহীদৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদানৰ কথাও মন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ আনহাতে, আগন্তুক দিনত বিজেপি চৰকাৰ গঠন হ’লে প্রতিটো পৰিয়ালৰ এজনক চাকৰি প্রদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ আক্রাছুৰ সভাপতি অৰুণ ৰায়ে সভাপতিত্ব কৰা কেন্দ্রীয় শ্বহীদ দিৱস অনুষ্ঠানৰ মুকলি সভাখনত ধনঞ্জয় সিন্হাই লিখা কমতা কিৰণ শীর্ষক কবিতা পুথি এখনো উন্মোচন কৰে মন্ত্রীগৰাকীয়ে৷ আজিৰ অনুষ্ঠানত পূব বিলাসীপাৰাৰ বিধায়ক অশোক সিংঘী, ৰাজ্যসভাৰ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক অশ্বিনী ৰায় সৰকাৰ, পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, আক্রাছুৰ সাধাৰণ সম্পাদক জীৱেশ্বৰ ৰায়, আক্রাছুৰ উপদেষ্টা হিতেশ্বৰ বর্মন, চিলাৰায় সেনাৰ উপ–সেনাধ্যক্ষ দীপজ্যোতি ৰায় আদিকে কৰি সংগঠনটোৰ কেইবাজনো নেতা উপস্থিত থাকে৷ ইয়াৰ পূর্বে গোলকগঞ্জৰ কাছখানাত এখন নতুন আদর্শ মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্রীগৰাকীয়ে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রীগৰাকীয়ে গোলকগঞ্জত আৱাসিক মহাবিদ্যালয়, চিলাৰায় কলাক্ষেত্র আৰু উপ–ট্রেজাৰীৰ নির্মাণ অচিৰেই সম্পূর্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ তদুপৰি গংগাধৰ নৈৰ ওপৰত তৃতীয়খন দলং আৰু চাৰিয়ালিৰ পৰা পাগলাহাটলৈ ৩০ কোটি টকা ব্যয় সাপেক্ষে পথ নির্মাণৰ কাম আৰম্ভ হ’ব বুলিও জানিবলৈ দিয়ে৷ এই অনুষ্ঠানতে মহাৰাজ নৰনাৰায়ণৰ আতিথ্যত গুৰুজনাই সনাতন ধর্ম প্রসাৰৰ প্রসংগ আৰু বিশ্ববীৰ চিলাৰায়ৰ ইতিহাসৰ প্রসংগ উত্থাপন কৰি ঐক্যবদ্ধভাৱে সকলোকে বসবাস কৰাৰ বাবে আহ্বান জনায়৷
অতি সোনকালে ৰাইজে লাভ কৰিব ক’ৰোনাৰ ভেকচিন
ৰাজ্যবাসীয়ে অতি সোনকালে লাভ কৰিব ক’ৰোনাৰ ভেকচিন৷ আজি গোলকগঞ্জত এই কথা প্রকাশ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে ক’ৰোনা ভেকচিন প্রথমতে চিকিৎসক তথা স্বাস্থ্যকর্মীসকলক প্রদান কৰা হ’ব৷ তাৰ পাছতে সাধাৰণ ৰাইজে এই ভেকচিন লাভ কৰিব৷

You May Also Like

More From Author