কাৰাগাৰৰ পৰাই নির্বাচন খেলিব অখিল গগৈয়ে

0 min read

আজিৰে পৰা ডিব্রুগড় জিলাৰ মৰাণত আৰম্ভ হৈছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ প্রথমখন ৰাজ্যিক অভিৱর্তন৷ মৰাণৰ ফটিকাছোৱা আহোম গাঁও পথাৰৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্রত অধিৱেশনখন আজি পুৱা আৰম্ভ হয় পতাকা উত্তোলনেৰে৷ আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক, পদ্মভূষণ জাহ্ণু বৰুৱাই পতাকা উত্তোলনেৰে প্রথম দিনাৰ প্রথম কার্যসূচী আৰম্ভ কৰে৷ ইয়াৰ পাছতে শ্বহীদ তর্পণ কার্যসূচীত অংশগ্রহণ কৰি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক মণ্ডলী– লোহিত গগৈ, জিতুল ডেকা, ৰুবুল দাস, গিৰিশংকৰ গোস্বামী, মহেন্দ্র দিহিঙীয়া, অলক নাথ, হুছেইন মহম্মদ চাহজাহান আৰু ৰত্নেশ্বৰ দেউৰীয়ে ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আজি প্রথম দিনটোত অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্রায় ২,২০০ প্রতিনিধিয়ে অংশগ্রহণ কৰে৷বাতৰি প্রেৰণ কৰাৰ পৰত প্রথমখন প্রতিনিধি সভা অনুষ্ঠিত হৈ আছে৷ এই সভাতে ৰাইজৰ দলৰ সংবিধান আৰু ভৱিষ্যৎ কর্মপন্থা সন্দর্ভত আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ ইফালে আজিৰ দিনটোত কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ ৰায়দান আছিল যদিও ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন নাকচ কৰাত দিনৰ ভাগত অভিৱর্তনস্থলীত সেমেকা পৰিৱেশ পৰিলক্ষিত হয়৷ অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ খবৰ পোৱাৰ পাছতে ক্ষুব্ধ হৈ পৰা ৰাইজৰ দলৰ একাংশ কর্মকর্তা অধিৱেশনস্থলীতে প্রতিবাদমুখৰ হৈ পৰে৷ অখিল গগৈক ষডযন্ত্রমূলকভাৱে কাৰাৰুদ্ধ কৰি ৰখাৰ অভিযোগ তুলি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৰাইজৰ দলৰ কর্মকর্তাসকল৷ অভিৱর্তনস্থলীত উপস্থিত থকা

ৰাইজৰ দলৰ অন্যতম নেত্রী, জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এজন অখিল গগৈক কাৰাৰুদ্ধ কৰি বিজেপি চৰকাৰে ৰাইজৰ দলৰ শক্তিক বাধা দিব নোৱাৰে৷ এখন প্রগতিশীল অসম গঢ়াৰ বাবে ৰাইজৰ দলৰ প্রতিজন কর্মকর্তাই নিঃস্বার্থভাৱে সংগ্রাম কৰি যাব৷ অভিৱর্তনস্থলীত উপস্থিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই চৰকাৰৰ ভূমিকাত তীব্র প্রতিক্রিয়া ব্যক্ত কৰে৷ অখিল গগৈ কাৰাগাৰত থাকিলেও ৰাইজৰ দলৰ নিষ্ঠাৱান কর্মীসকলে দুগুণ উৎসাহেৰে দলটোক আগুৱাই নিব বুলি অভিমত ব্যক্ত কৰে৷ ২০২১ চনৰ নির্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি অখিল গগৈয়ে বিপুল ভোটত জয়লাভ কৰিব বুলিও দাবী কৰে শৃংখলে৷ আনহাতে, অভিৱর্তনস্থলীত উপস্থিত থকা ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধি আৰু কৃষক নেতা ধৈর্য কোঁৱৰে ফেচিষ্ট বিজেপি চৰকাৰে ষডযন্ত্রমূলকভাৱে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখাৰ অভিযোগ কৰে৷ বিজেপিৰ অভিসন্ধি কেতিয়াও সফল নহ’ব বুলি উল্লেখ কৰি দুয়োজন নেতাই দুগুণ উৎসাহেৰে ৰাইজৰ দলে ২০২১ত বিজেপিক প্রতিহত কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে৷ কাইলৈ দ্বিতীয় দিনা অভিৱর্তনৰ কার্যসূচী পুৱা আৰম্ভ হ’ব সমূহীয়া চাফাই আৰু বৃক্ষৰোপণেৰে৷ পুৱা ১১ বজাত অসমৰ সাম্প্রতিক জাতীয় প্রেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যৎ কর্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়–জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামর্শ গ্রহণৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ’ব৷ বিয়লি ৩ বজাত দ্বিতীয়খন প্রতিনিধি সভা আৰু সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব বিষয় বাছনি সভা৷

You May Also Like

More From Author