ফ্লেট প্ৰতাৰণা কাণ্ডত বিপদ সাংসদ নুছৰতৰ; সশৰীৰে আদালতত উপস্থিত হ’বলৈ নির্দেশ

ফ্লেট প্ৰতাৰণা কাণ্ডত বিপদ সাংসদ নুছৰতৰ; সশৰীৰে আদালতত উপস্থিত হ’বলৈ নির্দেশ

অচিৰে আদালতত সশৰীৰে উপস্থিত হ’ব লাগিব বাংলা অভিনেত্রী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহান। ফ্লেট প্ৰতাৰণা কাণ্ডত এই নির্দেশনা জাৰি কৰিলে আলিপুৰ ন্যায়িক আদালতে।

পূর্বে আলিপুৰ আদালতে বছিৰহাটৰ সাংসদগৰাকীক উক্ত গোচৰৰ শুনানিৰ সময়ত আদালতত উপস্থিত হ’বলৈ নির্দেশ দিছিল। কিন্তু এই নির্দেশক প্রত্যাহ্বান জনাই নুছৰত ন্যায়িক আদালতত দ্বাৰস্থ হৈছিল।

কিন্তু ন্যায়াধীশৰ আদালতে নিম্ন আদালতৰ উক্ত ৰায় বাহাল ৰাখিলে। উল্লেখ্য যে ফ্রেট বিক্ৰীৰ নামত লাখ লাখ টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপিত হৈছিল নুছৰতৰ বিৰুদ্ধে। এই গোচৰত বিপদ বৃদ্ধি পালে তৃণমূল কংগ্ৰেছ সাংসদগৰাকীৰ।

GTM Desk

Related