কি কি সেৱন কৰিলে হাড় দুৰ্বল হয়

কি কি সেৱন কৰিলে হাড় দুৰ্বল হয়

আমি সকলোৱে হাড় শক্তিশালী কৰিবলৈ কেলচিয়ামযুক্ত খাদ্য সেৱন কৰো। যদিও হাড় দুৰ্বল হোৱাৰ বহু কাৰণ আছে, কিন্তু কিছুমান খাদ্য খোৱাৰ ফলতো হাড়ৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ লগতে গাঁঠিৰ বিষৰ সমস্যাও উদ্ভৱ হ’ব পাৰে। এনে পৰিস্থিতিত সকলোৱে হাড় দুৰ্বল কৰি তোলা খাদ্যৰ পৰা বিৰত থকা উচিত।

১) নিমখৰ পৰিমাণ সীমিত কৰক

নিমখত ছডিয়ামৰ পৰিমাণ বেছি থাকে আৰু ই আপোনাৰ হাড়ৰ ঘনত্বত বিধ্বংসী প্ৰভাৱ পেলায়। ইয়াৰ বাবেই বৃক্কত অত্যধিক কেলচিয়াম গঠন হ’বলৈ আৰম্ভ কৰে।

২) কফিৰ পৰা আঁতৰি থাকক

যদি আপুনি চাহ-কফিৰ প্ৰতি আকৰ্ষিত, তেন্তে আজিৰ পৰাই ইয়াৰ সেৱন কমাই দিব। অতি কম সংখ্যক লোকেহে জানে যে কফিয়ে আপোনাৰ হাড়ৰ পৰা কেলচিয়াম বাহিৰ কৰি দিয়ে, যাৰ ফলত হাড় দুৰ্বল হৈ পৰে।

৩) প্ৰদাহ সৃষ্টি কৰা খাদ্য

বিলাহী, ভেঁকুৰ, বেঙেনা আৰু মিঠা আলু আদি কিছুমান শাক-পাচলি যিয়ে হাড়ত প্ৰদাহ সৃষ্টি কৰিব পাৰে। লগতে পেকেটত ভৰোৱা খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।

৪) মদ পৰিমিতভাৱে সেৱন কৰক

মদ সেৱন কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক। ই আপোনাৰ হাড়ৰ ক্ষতিও কৰে। মদ্যপান কৰাৰ ফলত আপোনাৰ হাড়ে কেলচিয়াম সঠিকভাৱে শোষণ নকৰে।

GTM Desk

Related