গোসাইগাওঁত আমছুৰ গণ বিক্ষোভ কাৰ্যসূচী

গোসাইগাওঁত আমছুৰ গণ বিক্ষোভ কাৰ্যসূচী

পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদীত পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত আজি পুনৰ গোসাইগাওঁত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৷

গোসাইগাওঁ মহকুমাৰ সাপকাটাত আমছুৰ সাপকাটা আঞ্চলিক সমিতিৰ সহযোগত পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত গনণ বিক্ষোভ কাৰ্যসুচীত আমছুৰ কৰ্মী তথা সংখ্যালঘু ৰাইজে বিভিন্ন শ্লোগান আকাশ-বতাহ কপাই তোলে ৷

কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে আমছু জিন্দাবাদ,সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ নচলিব,উচ্ছেদীত পৰিয়ালক পুনঃ সংস্থাপন দিয়ক,পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ নচলিব আদি শ্লোগন দি পৰিস্থিতি উত্তাল কৰি তোলে ৷

কাৰ্য্যসূচীত অংশগ্ৰহন কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি গৰুখুটি আৰু লামডিংৰ উচ্ছেদীত পৰিয়ালক পুন সংস্থাপনৰ দাবী কৰে ৷ কাৰ্যসূচীৰ অন্তত গোসাইগাওঁ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এটি স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷

GTM Desk

Related