fbpx

বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা মহকুমাস্থিত লোক নিৰ্মাণ(গৃহ) বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যালয়টো ধৰ্মপুৰ সমষ্টিৰ চামতালৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ কিছুদিন পূৰ্বে বিভাগে প্ৰকাশ কৰাৰ পাছতে সমগ্ৰ বৰক্ষেত্ৰীত অব্যাহত আছে প্ৰতিক্ৰিয়া। বৰক্ষেত্ৰী সমষ্টি আৰু ধৰ্মপুৰ সমষ্টিৰ কাৰণে মূখ্য কাৰ্য্যালয় হিচাপে থকা কাৰ্য্যালয়টো ধৰ্মপুৰ সমষ্টিৰ চামতাত শেহতীয়াকৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবীত আজি বৰক্ষেত্ৰী AASU আৰু AJYCPৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৰক্ষেত্ৰী ৰাইজে পথ অৱৰোধ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মুকালমুৱাৰ হাজো দৌলাশাল ৰাজপথত।। অসংখ্য ৰাইজ ৰাজপথলৈ ওলাই আহি AASU আৰু AJYCPৰ কৰ্মী সকলৰ সহযোগত মুকালমুৱা চ’ক বজাৰৰ মাজ মজিয়াত হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। যাৰ ফলত স্তব্ধ হৈ পৰে মুকালমুৱাৰ ৰাজপথ, আবদ্ধ হৈ পৰে শ শ যান বাহন আৰু হাহাকাৰ কৰে হেজাৰ হেজাৰ যাত্ৰীয়ে। প্ৰতিবাদী শ্লোগানেৰে মুকালমুৱাৰ আকাশ বতাহ উত্তাল হৈ পৰে আজি দুপৰীয়া । চৰকাৰৰ এই সিদ্ধান্ত কোনো কৰণতে মানি নলয় বুলি কয় প্ৰতিবাদকাৰী জনতাৰ লগত বৰক্ষেত্ৰী AASU আৰু AJYCPৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ কৰ্মী সকলে। উল্লেখযোগ্য যে মুকালমুৱাক মহকুমা হিচাপে ঘোষণা কৰা হৈছে যদিও মহকুমাৰ পূৰ্ণাঙ্গ ৰূপ দিয়াৰ ক্ষেত্ৰত অঞ্চলটোত প্ৰয়োজনীয় কেইবাটাও কাৰ্য্যালয়ৰ অভাৱ হৈ থকাৰ সময়তে মুকালমুৱাস্থিত লোক নিৰ্মাণ(গৃহ) বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যালয়টো স্থানান্তৰৰ খবৰে বৰক্ষেত্ৰীবাসীৰ আবেগ অনুভূতিত আঘাট কৰা বুলি কয় প্ৰতিবাদকৰী জনাতাই। সেয়েহে চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদ স্থলীত ৰাজহ চক্ৰ বিষয়া উপস্থিতহৈ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে।

error: Content is protected !!