27.6 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

National Press Day: মৰিগাঁৱতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

Assamese NewsNational Press Day: মৰিগাঁৱতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

মনোৰঞ্জন মহন্ত, মৰিগাঁও

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা সাংবাদিক সংস্থাৰ উদ্যোগত মৰিগাঁৱতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ মঙ্গলবাৰে পবিতৰা হাটত অনুষ্ঠিত প্ৰেছ দিৱসৰ কাৰ্যসুচী বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা দ্যা নিউজ প্লাছৰ সাংবাদিক জগদীশ নাথে ৷ প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিক বিষ্ণু ডেকা আৰু অজিত শৰ্মাক সম্বৰ্ধিত কৰা হয় ৷

তাৰোপৰি সংবাদ মাধ্যমক কোনে সমীহ নকৰে শীৰ্ষক এক আলোচনা চক্ৰত আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন, জেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰতাপ হাজৰিকাৰ লগতে বিশিষ্ট মানব অধিকাৰ কৰ্মী বুবুমনি গোস্বামীয়ে অংশ লয় ৷ জিলা সাংবাদিক সংস্থাৰ সভাপতি জাকিৰ হুচেইন সভাপতিত্বত অনুষ্ঠিত প্ৰেছ দিৱসৰ কাৰ্যসুচী উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য ক্ষীতিচ পেগুৱে

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!