32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

পতি,পত্নীৰ একাউণ্টৰ পৰা সৰকালে কেইবালাখ টকা…

Assamese Newsপতি,পত্নীৰ একাউণ্টৰ পৰা সৰকালে কেইবালাখ টকা...

ৰাজ্যত সক্ৰিয় হৈ আছে চাইবাৰ অপৰাধী। এজনৰ পাছত আন এজন লোক এনে চাইবাৰ অপৰাধীৰ পাকচক্ৰত পৰি হেৰুৱাইছে ধন। এইবাৰ গুৱাহাটীৰ গীতানগৰৰ এহাল দম্পত্তিয় এনে চাইবাৰ অপৰাধীৰ কৱলত পৰি সাচতীয়া ধন হেৰুৱাবলগীয়া হ’ল।

গীতানগৰৰ দীনেশ চন্দ্ৰ দত্ত আৰু তেওঁৰ পত্নীৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাই নিলে ৭ লাখ ৬১ হাজাৰ টকা। জানিব পৰা মতে দীনেশ চন্দ্ৰ দত্তৰ একাউণ্টৰ পৰা ৪ লাখ ৩ হাজাৰ ৯০০ টকা সৰকাই নিয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ একাউণ্টৰ পৰাও চাইবাৰ অপৰাধী চক্ৰটোৱে সৰকাই নিলে ৩ লাখ ৪৭ হাজাৰ ১০০ টকা।

এটা অচিনাকী নম্বৰৰ পৰা ফোনত বিদ্যুতৰ বিল বিচাৰি ভাবুকি দি এইদৰে সৰকাই নিলে ধনখিনি। জানিব পৰা মতে বিদ্যুতৰ বিল নিদিলে বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ভাবুকি দিছিল এই চাইবাৰ অপৰাধী চক্ৰটোৱে। এই চক্ৰটোৱে এটা নম্বৰত ১০০ টকাৰ ৰিচাৰ্জ কৰিবলৈ কৈছিল দম্পত্তিহালক। ৰিচাৰ্জ কৰাৰ পাছতেই একাউণ্টৰ পৰা সৰকাই নিলে এই ধনখিনি।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!