25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

বাইক চুৰি কৰিব গৈ ঔকিল পৰিল চোৰৰ; চোৰ কেইটা ক্ৰমে আকাশ দাস পল্লৱজ্যোতি শৰ্মা আৰু ৰচিবুদ্দিন চৌধুৰী

Assamese Newsবাইক চুৰি কৰিব গৈ ঔকিল পৰিল চোৰৰ; চোৰ কেইটা ক্ৰমে আকাশ দাস পল্লৱজ্যোতি শৰ্মা আৰু ৰচিবুদ্দিন চৌধুৰী

কামপুৰ থানাৰ অন্তৰ্গত ঘিলানীত শণিবাৰে ৰাইজে তিনিটাকৈ বাইক চোৰক আটক কৰে। ৰাইজে আটক কৰা বাইক চোৰ কেইটা ক্ৰমে ৰচিবুদ্দিন চৌধুৰী, আকাশ দাস আৰু পল্লৱজ্যোতি শৰ্মা।

ৰাইজে চোৰ কেইটাৰ পৰা এখন বাইক আৰু এখন চাইকেলও জব্দ কৰে। প্ৰাপ্ত বাতৰি মতে, শণিবাৰে পুৱাৰ ভাগত তিনিওটা চোৰে সন্দেহজনক ভাৱে ঘুৰি ফুৰা দেখি ৰাইজে সোধা-পোছা কৰাত বাইক চুৰিৰ ঘটনা পোহৰলৈ আহে। ৰাইজে চোৰ তিনিটাক লপা-থপা দিয়াৰ লগতে আঠু কঢ়াই শাস্তি প্ৰদান কৰে।

পিছত ঘটনাৰ খবৰ পাই কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওকে আটক কৰি থানালৈ নিয়ে। উল্লেখ্য যে, ৰচিবুদ্দিন চৌধুৰীৰ ঘৰ ঘিলানীত আৰু বাকী দুজনৰ ঘৰ ৰহাৰ গছপাৰাত বুলি জানিব পৰা গৈছে। আনহাতে কিছুদিনৰ পৰা কামপুৰত বিভিন্ন চুৰি কাৰ্য সংঘটিত হৈ থকা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!