জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক
অসমত ফুটবলৰ প্ৰসাৰৰ বিষয়ে আলোচনাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনত সাক্ষাৎ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে । ভাৰতীয় ফুটবলৰ শীৰ্ষ ক্লাব হিচাপে বৰ্তি থকাৰ বাবে মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে ইণ্ডিয়ান ছুপাৰ লীগত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেতাগৰাকীৰ ‘নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব’ৰ বাবে কিছু চৰকাৰী সাহায্যৰ দিশত মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে ।

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক
আনহাতে, ক্ৰীড়া প্ৰেমীগৰাকীৰ সৈতে অসমত ফুটবল একাডেমীকে ধৰি বিশাল ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ এক ৰূপৰেখা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে । অসমত ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে এখন ফুটবল একাডেমী স্থাপন কৰাতো গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্রত জন আব্ৰাহামৰ সৈতে বিশদভাৱে আলোচনা কৰে ।
ইফালে, উক্ত বৈঠকত ক্ৰীড়া মন্ত্রী বিমল বৰাৰ উপৰিও ক্ৰীড়া বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰে অভিনেতা জন আব্ৰাহামৰ বৈঠক
উল্লেখ্য যে, দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰা ‘নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব’ৰ সহায় হোৱাকৈ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ দিশত মুখ্যমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে । এনেধৰণৰ পদক্ষেপে অসমৰ উদীয়মান ফুটবলাৰসকলক বিশেষভাৱে উৎসাহিত কৰাৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ।