29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’

Assamese Newsকান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান' আৰু ‘বুম্বা ৰাইড’

সন্মানীয় কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘বাঘজান’ । কান চলচ্চিত্র মহোৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব ‘বাঘজান’। জয়ছেং চাই দহোটিয়াই নির্মাণ কৰা বাঘজান নামৰ ছবিখন এইবাৰ কান মহোৎসৱত প্রদর্শন কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে ।

ফ্রান্সৰ সৈতে ভাৰতৰ কুটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ সম্পূর্ণ হোৱা উপলক্ষে এইবাৰ ফৰাচী চৰকাৰৰ উদ্যোগত ভাৰতীয় ছবিক কান চলচ্চিত্র মহোৎসৱত বিশেষ সুযোগ প্রদান কৰা হৈছে । সেই অনুসৰি উক্ত চলচ্চিত্র মহোৎসৱৰ ফিল্ম বাজাৰ শাখালৈ অসমৰ বাঘজান নামৰ ছবিখনৰ উপৰি আৰু আন চাৰিখন ছবি প্রেৰণ কৰা হ’ব ।

'Baghjan' will be shown in the 'Film Bazaar' section of Cannes Film Festival

বাঘজানত তেলৰ খাদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডক লৈ আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভোগ কৰা স্থানীয় বাসিন্দাৰ মর্মবেদনা ছবিখনত প্রদর্শিত হৈছে ।

১৭-২২ মে’ লৈ অনুষ্ঠিত হ’বলগীয়া কান চলচ্চিত্র মহোৎসৱৰ ফিল্ম বাজাৰ শাখাত অসমৰ বাঘজান নামৰ ছবিখনৰ লগতে শৈলেন্দ্র চাহু নির্মিত ছত্তিশগড়ৰ হিন্দী ছবি বাইলাডিলা, আনখন হিন্দী ছবি এক জগহ অপনি, কানাড়া ছবি ফলোৱাৰ আৰু আন এখন কানাড়া ছবি শিৱম্মা প্রদর্শিত হ’ব । মৰাণৰ জয়চেং চাই দহোটিয়াই নির্মাণ কৰা বাঘজান নামৰ ছবিখন ফ্ৰান্সৰ এই বিখ্যাত চলচ্চিত্র মহোৎসৱত প্রদর্শিত হ’বলৈ লাভ কৰা সুবিধাই অসমক গৌৰৱান্বিত কৰিছে ।

উল্লেখ্য, বাঘজানত তেলৰ খাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভোগ কৰা স্থানীয় বাসিন্দাৰ মর্মবেদনা এই ছবিত প্রদর্শিত হৈছে । ইপিনে একেখন কান চলচ্চিত্র মহোৎসৱত ভিন্ন শাখাত অসমৰ পূৰ্ণ দৈর্ঘৰ ছবি ‘বুম্বা ৰাইড’ প্রদর্শিত হ’ব বুলি ছবিখনৰ প্রযোজক লুইত বর্মনে জানিবলৈ দিছে ।

ইতিমধ্যে ২২ মে’ত কান চলচ্চিত্র মহোৎসৱৰ মূল ছবিঘৰ ‘অলিম্পিয়া থিয়েটাৰ’ত ‘বুম্বা ৰাইড’ প্রদর্শন কৰিবলৈ নির্বাচিত কৰা বুলি ছবিখনৰ প্রযোজক-পৰিচালকক জনাইছে কেন্দ্রীয় চৰকাৰৰ চলচ্চিত্র মহোৎসৱ সঞ্চালকালয়ে । ছবিখন পৰিচালনা কৰিছে ‘গড অন দ্য বেলকনি’ নামৰ ছবিখনেৰে বহু পুৰস্কাৰ লাভ কৰা পৰিচালক বিশ্বজিৎ বৰাই ।

'Baghjan' will be shown in the 'Film Bazaar' section of Cannes Film Festival

জয়ছেং চাই দহোটিয়াই নির্মাণ কৰা ‘বাঘজান’ কান চলচ্চিত্র মহোৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব

এই ছবিখনো ভাৰত আৰু ফ্রান্স কূটনৈতিক সম্পর্কৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ সন্মান দি বিশেষ শাখাত প্রদর্শন কৰা হ’ব । এই অসমীয়া ছবিখনৰ লগতে সেই বিশেষ শাখালৈ ভিন্ন ভিন্ন ভাষাৰ মুঠতে পাঁচখন ভাৰতীয় ছবি কান মহোৎসৱলৈ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ অধীনত নির্বাচিত কৰা হৈছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!