‘ৱৰ্ল্ড অৱ ষ্টেটিষ্টিক্স’য়ে প্ৰকাশ কৰিলে ধনী অভিনেতাৰ তালিকা

‘ৱৰ্ল্ড অৱ ষ্টেটিষ্টিক্স’য়ে প্ৰকাশ কৰিলে ধনী অভিনেতাৰ তালিকা

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় আছে বলীউডৰ কিং খান শ্বাহৰুখ খানৰ। বিশ্বজুৰি বলীউডৰ এইগৰাকী বাদশ্বাহৰ আছে এক ইৰ্ষণীয় জনপ্ৰিয়তা।শেহতীয়াকৈ এইগৰাকী ছুপাৰষ্টাৰৰ নাম বিশ্বৰ সবাতোকৈ ধনী অভিনেতাৰ তালিকাত সন্নিবিষ্ট হৈছে।হয়, জেৰী ছেইনফিল্ড, টাইলাৰ পেৰী আৰু ‘দ্য ৰক’ ডোৱেন জনছনৰ পিছত শ্বাহৰুখ খান হৈছে বিশ্বৰ চতুৰ্থ ধনী অভিনেতা।

‘ৱৰ্ল্ড অৱ ষ্টেটিষ্টিক্স’য়ে অলপতে প্ৰকাশ কৰা ‘বিশ্বৰ আটাইতকৈ ধনী অভিনেতা’ৰ তালিকাত শ্বাহৰুখ খানে ৭৭০ নিযুত ডলাৰ অৰ্থাৎ ৬,৩০৬ কোটী টকাৰ মুঠ সম্পত্তিৰ সৈতে তালিকাৰ একমাত্ৰ ভাৰতীয় অভিনেতা হিচাপে স্থান লাভ কৰে। তালিকাখনত আমেৰিকান কৌতুক অভিনেতা আৰু অভিনেতা জেৰী ছেইনফিল্ডে শীৰ্ষস্থান দখল কৰিছে যাৰ মুঠ সম্পত্তিৰ মূল্য ১ বিলিয়ন ডলাৰ।

বিশ্বৰ শীৰ্ষ ৮গৰাকী ধনী অভিনেতা

নাম                             মুঠ সম্পত্তিৰ পৰিমান

১) জেৰী চেইনফিল্ড                   ১ বিলিয়ন

২)  টাইলাৰ পেৰী                      ১ বিলিয়ন

৩) ডোৱেন জনচন                    ৮০০নিযুত

৪) শ্বাহৰুখ খান                         ৭৭০ মিলিয়ন

৫) টম ক্ৰুজ                              ৬২০ নিযুত

৬) জেকি চেন                           ৫২০ নিযুত

৭) জৰ্জ ক্লুনি                              ৫০০ মিলিয়ন ডলাৰ

৮) ৰবাৰ্ট ডি নিৰো                     ৫০০ নিযুত

শ্বাহৰুখ খান সম্প্ৰতি ভাৰতীয় ছবিজগতৰ সবাতোকৈ বেছি উপাৰ্জন কৰা অভিনেতা।বহু আন্তজাৰ্তিক তথা নামী দামী ব্ৰেণ্ডৰ লগত বিজ্ঞাপনৰ বাবে চুক্তিবদ্ধ হৈ আছে এইগৰাকী হাই প্ৰফাইল অভিনেতা।৫৭ বছৰীয়া অভিনেতাজন আই চি আই চি আই, বাইজুচ, বিগ বাস্কেট, টেগ হিউয়াৰ, লাক্স আৰু হুণ্ডাইৰ দৰে ১৪ টা ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ।তদুপৰি ৰেড চিলি এণ্টাৰটেইনমেণ্ট প্ৰযোজনা শ্বাহৰুখৰ নিজৰ।শ্বাহৰুখৰ কলকাতা নাইট ৰাইডাৰ্ছ নামৰ ভাৰতীয় প্ৰিমিয়াৰ লীগৰ এটা দলো আছে।

GTM Desk

Related