ধৰ্ষণকাৰীক আটক নকৰাৰ বাবে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

ধৰ্ষণকাৰীক আটক নকৰাৰ বাবে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যোৱা ২০ মাৰ্চত এজন ৫০ ঊৰ্দ্ধৰ ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি যোৱা ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বৰডুবি থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে ধৰ্ষণত জড়িত থকা বুলি দাবী কৰা বাহাদুৰ চাৰিআলিৰ সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত তীব্ৰ অসন্তোষ্টি ব্যক্ত কৰিছে।

এনে কৰ্মকাণ্ডৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা শক্তিৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়ে । ইয়াৰ প্ৰতিবাদত বুধবাৰে এই দুই আদিবাসী সংগঠনৰ উদ্যোগত ভালেসংখ্যক যুৱক-যুৱতী আৰু পুৰুষ-মহিলাই তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

জানিব পৰা মতে প্ৰতিবাদকাৰীয়ে হাতে হাতে দাবী সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ বিক্ষোভ সাব্যস্ত কৰাৰ লগতে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তপ্ত কৰি তোলে ৷ অভিযোগ অনুসৰি তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানি গাঁৱৰ সমুন্দ্ৰে ৰায় (৫৩) নামৰ ব্যক্তিজনে যোৱা ২০ মাৰ্চত একে গাঁৱৰে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী নাবালিকাক ভয়-ভাবুকি দি বলপূৰ্বক ধৰ্ষণ কৰা বুলি যোৱা ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালবৰ্গই বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল ।

কিন্তু আজি অতদিনে বৰডুবি আৰক্ষীয়ে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰে প্ৰতিবাদত আজি আছা আৰু আওপাৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগীক ২০ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন কৰে ৷

ইয়াৰোপৰি নাবালিকাগৰাকীয়ে ন্যায় নোপোৱাত মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাচি লোৱা মাতৃ বুধিনী প্ৰজাক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু যোৱা ৯ মাৰ্চত তালাপ থানাৰ অন্তৰ্গত ১ নং মিচিমিকটাত হত্যাৰ বলি হোৱা চুকু প্ৰজাক ২০ লাখৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায় সংগঠন দুটাৰ নেতৃবৰ্গই ৷

প্ৰতিবাদস্থলীৰ পৰা আছা আৰু আওপাৰ তিনিচুকীয়া জিলা সমিতিয়ে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী, বিধায়কৰ গাদী দখল কৰা তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাকো চোকা সমালোচনা কৰি তেওঁলোকৰ অকৰ্মণ্যতাক কঠোৰভাৱে সকিয়াই দিয়ে ৷ তেওঁলোকৰ দাবী সন্দৰ্ভত তৎকালে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ দিয়ে ৷

Shahnawaz Hamza

Related