উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তিৰ অন্তিম দিন ১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি

0 min read

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তিৰ অন্তিম দিন বৃদ্ধি কৰা হৈছে অহা ১৮ ছেপ্টেম্বৰলৈ৷ এই সন্দর্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শেহতীয়াকৈ এ এইচ এছ ই চি/আৰ এণ্ড এ/এডমিচন/২০২০/০৩/৬৫৯৬ নম্বৰৰ এক নির্দেশনা জাৰি কৰিছে৷ মূলতঃ ছাত্র–ছাত্রীসকলৰ নামভর্তি প্রক্রিয়া সুচাৰুৰূপে সম্পন্ন হোৱাৰ স্বার্থতে এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে নির্দেশাৱলীটোত৷ ইফালে কোনো শিক্ষানুষ্ঠানতে নামভর্তিৰ বাবে বাছনিভুক্ত নোহোৱা আৰু এতিয়ালৈকে আবেদন নকৰা শিক্ষার্থীসকলৰ প্রতি লক্ষ্য ৰাখি ‘দর্পণ’ প’র্টেলটো অহা ২০ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ পুনৰ মুকলি কৰি দিয়া হ’ব৷

এই সন্দর্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এ এইচ এছ ই চি/আৰ এণ্ড এ/এডমিচন/২০২০/০৩/৬৫৯৭ নম্বৰত নির্দেশনাত উল্লেখ কৰা মতে যিবোৰ শিক্ষানুষ্ঠানত আসন খালী আছে, তাত নামভর্তিৰ বাবে উক্ত সময়ছোৱাত শিক্ষার্থীসকলে নতুনকৈ আবেদন দাখিল কৰিব পাৰিব৷ ইয়াৰ পাছত শিক্ষানুষ্ঠানসমূহে ২৩ আৰু ২৪ ছেপ্টেম্বৰৰ ভিতৰত ছিলেকচন লিষ্ট–ৱেইটিং লিষ্ট প্রস্তুত কৰিব, যি ২৫ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ পৰা উপলব্ধ হ’ব ‘দর্পণ’ প’র্টেলত৷ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক নতুনকৈ লাভ কৰা আবেদনৰ বিপৰীতে নামভর্তি প্রক্রিয়া সম্পন্ন কৰিবলৈ ২৭ আৰু ২৮ ছেপ্টেম্বৰৰ সময়সীমা নির্ধাৰণ কৰি দিয়া হৈছে৷

You May Also Like

More From Author