Advertisement

AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত নাগালেণ্ডত অব্যাহত আছে প্ৰতিবাদ (Demand to repeal AFPSA) ৷ যোৱা চাৰি ডিচেম্বৰত নাগালেণ্ডৰ ম’ন জিলাৰ অ’টিংবস্তিত সংঘটিত নীৰিহ নগালোকৰ হত্যাকাণ্ড (Oting massacre incident)ৰ পিছতে ৰাজ্যখনত সজোৰে উত্থাপিত হৈছে এই আইন বাতিল কৰাৰ দাবী ৷ এই ঘটনাৰ বাবেই সমগ্ৰ উত্তৰ-পূৱ ভাৰততে এতিয়া সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ বিষয়টোক লৈ সৰৱ হৈছে দল সংগঠন ৷

শনিবাৰে, 4 ডিচেম্বৰৰ ঘটনাৰ প্ৰতিবাদত ম’ন জিলাৰ টিজিতত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে এই জনগোষ্ঠীৰ জনতাই । উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পাছত টিজিতৰ নামচাত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

টিজিত চিভিল অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বহু কেইটা সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় জনতাই অংশগ্ৰহণ কৰে। হাতে হাতে ক’লা পতাকা তথা বিভিন্ন দাবী সম্বলিত ফেষ্টুন লৈ প্ৰতিবাদী জনতাই নগা লোকৰ হত্যাৰ প্ৰতিবাদ কৰে । আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰা জনতাই নাগালেণ্ডত উগ্ৰপন্থী বিচৰাৰ নামত সেনাৰ অত্যাচাৰ সহ্য নকৰিব বুলিও হুংকাৰ দিয়ে । ইফালে, প্ৰতিবাদী জনতাই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেনাৰ পুত্তলিকাও দাহ কৰে ।

Shahnawaz Hamza

Related