কা’ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ আছুৰ যোৰহাট জিলা সমিতিৰ

1 min read

দুটা বছৰ অতিক্ৰম কৰিলে অসম তথা উত্তৰ-পূৱৰ নাগৰিকত্ব সংশোধনী আইন 2019 (Citizenship (Amendment) Act, 2019) বিৰোধী আন্দোলনে ৷ উত্তৰ-পূৱ ছাত্ৰ সংন্থা চমুকৈ নেছ’ৰ আহ্বান মৰ্মে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ যোৰহাট জিলা সমিতিয়ে(ASSU Protest Against CAA) ৷ উল্লেখ্য যে, কা’ বিৰোধী আন্দলনৰ সময়ৰ পৰা 11 ডিচেম্বৰ দিনটো নেছ’ৰ(North East students Organisation) সিদ্ধান্তৰ অনুসৰি আছুৱে ক’লা দিন হিচাপে পালন কৰি আহিছে (AASU observes black day) ৷

সেই অনুসৰি আছুৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে কৰ্মীসকলে ক’লা পতাকা উৰুৱাই শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ “কা’ আমি নামানো”, “উত্তৰ-পূৱৰ বাবে কা’ প্ৰত্যাহাৰ কৰক” আদি শ্ল’গানেৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

প্ৰতিবাদৰ সময়তে যোৰহাট জিলা আছুৰ সাধাৰণ সম্পাদক অৰ্জন ভূঞাই কয়, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী আইন ২০১৯ জাপি দিছিল ৷ ইতিমধ্যে এই আইনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ ৫ গৰাকী যুৱকে প্ৰাণ আহুতি দিছিল । উত্তৰ-পূৱে কেতিয়াও নাগৰিকত্ব সংশোধনী আইন 2019 মানি নলয় বুলি স্পষ্ট কৰি দিয়ে আছু নেতা গৰাকীয়ে ৷

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছ’ৰ আহ্বান মৰ্মে ১১ ডিচেম্বৰৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ক’লা পতাকা উত্তোলন কৰি ক’লা দিৱস(black day on December 11 to protest against CAA) পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

You May Also Like

More From Author