লখিমপুৰত AIKS আৰু AITCU ৰ প্ৰতিবাদী কাৰ্যসূচী

1 min read
কৃষক ইউনিয়নে ভাৰত বন্ধ আহ্বান জনোৱাৰ দিনাই লখিমপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে এ আই টি চি ইউ আৰু নিখিল ভাৰত কৃষক সভাই । তিনিখন কৃষি আইন বাতিল কৰা, বিদ্যুৎ সংশোধনী বিল বাতিল কৰা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই । এই প্ৰতিবাদী কাৰ্যসূচীত আন কেইবাটাও সংগঠনে সহযোগিতা আগবঢ়ায় । চৰকাৰে শ্ৰমিকৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে বুলি অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবাদকাৰীসকলে তীব্ৰ সমালোচনা কৰে । মোডী চৰকাৰক ধিক্কাৰ দি কৃষকৰ প্ৰতিবাদৰ সন্মুখত বিজেপিৰ পতন অনিবার্য বুলিও প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে । লগতে তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি নল’লে অনাগত সময়ত আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে । উল্লেখ্য যে, সোমবাৰে কৃষক ইউনিয়নে ভাৰত বন্ধৰ আহ্বান জনাইছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ।

You May Also Like

More From Author