20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাই ধন লোৱাৰ তথ্য ফাদিল কৰিব আজমলে

Assamese Newsলোকসভা নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাই ধন লোৱাৰ তথ্য ফাদিল কৰিব আজমলে

আগন্তুক লোকসভা নিৰ্বাচনৰ ১৮ দিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ধন লোৱাৰ তথ্য ফাদিল কৰিব ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলে। বৃহস্পতিবাৰে ধুবুৰীস্থ আৱৰ্ত ভৱনত আয়োজিত এক সংবাদমেলত এই বিস্ফোৰণ ঘটায় সাংসদ আজমলে। অৱশ্যে কিমান ধন ভূপেন বৰাক দিয়া হৈছিল সেই বিষয়ে ক’বলৈ অস্বীকাৰ কৰি ‘সেয়া গুপ্ত কথা’ বুলি মন্তব্য কৰে সাংসদজনে। সংবাদমেলত ভূপেন বৰাৰ ৰাজনৈতিক চেঞ্চ নাই বুলিও উল্লেখ কৰি ভূপেন বৰা পাগল হোৱা বুলিও অভিহিত কৰে সাংসদ আজমলে। লগতে ভূপেন বৰাৰ সুমতিৰ বাবে দোৱাও কৰিব বুলি কয় আজমলে।

আনহাতে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতাক লৈ স্পষ্ট মত নিদিলেও দিল্লীৰ পৰা বিজেপিকে বিদায় দিব লাগিলে সকলো বিৰোধী দল একত্ৰিত হ’ব লাগিব বুলি কয় আজমলে৷ ভূপেন বৰাৰ লগতে সংবাদমেলত অখিল গগৈকো ফাল্টু মানুহ বুলি কয় সাংসদ আজমলে। আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়াৰ পৰাই দিনে-নিশাই সাংগঠনিক তৎপৰতা আৰম্ভ হোৱা বুলি দাবী কৰাৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল লাভ কৰিব বুলিও কয় এআইইউডিএফ মুৰব্বী আজমলে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!